ভাৰতৰ আক্ৰমণৰ পিছতেই পাকিস্তানত আতংকৰ সৃষ্টি হৈছে।জানিব পৰা মতে ভাৰতে পাকিস্তানৰ কমেও ৪টা বিমান ঘাটিত আক্ৰমণ কৰিছে।
পাকিস্তানৰ ৰাৱালপিণ্ডিত নুৰ খান এয়াৰবেছ, শ্বোৰকোটৰ ৰফিকি বিমানবন্দৰ, চাকৱালত মুৰিদ এয়াৰবেছ ধ্বংস কৰিছে ভাৰতে। আনহাতে চতুৰ্থ এয়াৰবেছটোৰ নাম জানিব পৰা নাই ।
ইয়াৰ উপৰিও ভাৰতে শ্ৰীনগৰৰ সমীপত পাকিস্তানী বায়ুসেনাৰ দুখন যুদ্ধ বিমান ধ্বংস কৰাৰ খবৰ আহিছে।ভাৰতে PoK ত পাকিস্তানী এটা পোষ্টও উৰুৱাই দিছে।ভাৰতৰ এই আগ্ৰাসী কাৰ্যত পাকিস্তান হতাশ হৈ অহৰহ আক্ৰমণ চলাই আছে।
ভাৰতীয় সেনাই পাকিস্তানত বিধ্বংসী ৰূপ ধাৰণ কৰিছে।ভাৰতীয় সেনাই জম্মু সীমান্তৰ সমীপত পাকিস্তানী চকী আৰু সন্ত্ৰাসবাদী লঞ্চ পেড ধ্বংস কৰিছে, য’ৰ পৰা টিউব লঞ্চ ড্ৰ’নও নিক্ষেপ কৰা হৈছিল।