পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদী আত্মগোপন স্থানত অপাৰেচন সিন্দুৰ আৰম্ভ কৰি বিধ্বংসী ৰূপ ধাৰণ কৰিছে।
ভাৰতৰ আক্ৰমণত হাহাকাৰ কৰি পাকিস্তান সেনাই অহৰহ LoC ৰ ওপৰত গুলীচালনা কৰি আছে।বুধবাৰে নিশাৰ পৰা বৃহস্পতিবাৰেলৈকে পাকিস্তানে ভাৰতৰ কেইবাখনো চহৰত মিছাইল নিক্ষেপ কৰাৰ লগতে ড্ৰোন আৰু যুঁজাৰু বিমানেৰেও লক্ষ্য কৰি লৈছিল।
কিন্তু ভাৰতীয় সেনাই এই আক্ৰমণ বিফল কৰিছে। ৩খন যুদ্ধ বিমানকে ধৰি কেইবাটাও পাকিস্তানৰ মিছাইল আৰু ড্ৰোন মাজ আকাশতে ধ্বংস কৰিছে।
LoC ত অব্যাহত আছে প্ৰচণ্ড গুলীচালনা। খবৰ অনুসৰি কুপোৱাৰা, বাৰামুল্লা, পুঞ্চ,ৰাজৌৰী আৰু আখনূৰত প্ৰচণ্ড গুলীচালনা চলি আছে।
ভাৰতীয় সেনাইও পাকিস্তানৰ চহৰবোৰত বিধ্বংসী ৰূপ ধাৰণ কৰিছে।ইয়াৰ ফলত সমগ্ৰ বিশ্বতে চাঞ্চল্যৰ সৃষ্টি হৈছে।
ইতিমধ্যে জম্মু-কাশ্মীৰলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা। ইফালে অমৃতসৰ চহৰত ইতিমধ্যে চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে।