ভাৰতে নিৰ্মাণ কৰিব আটাইতকৈ শক্তিশালী বাংকাৰ-বাষ্টাৰ্ছ
২২ জুনত আমেৰিকাই ইৰাণৰ ফৰ্ডো পাৰমাণৱিক প্লাণ্টত বি-২ বোমাৰু বিমানৰ পৰা বাংকাৰ-বাষ্টাৰ্ছ (GBU-57) বোমা নিক্ষেপ কৰিছিল । এই বিমান আক্ৰমণত ইৰাণৰ বৃহৎ পাৰমাণৱিক কেন্দ্ৰটো যথেষ্ট ক্ষতিগ্ৰস্ত হয় । আচলতে ইৰাণে পাহাৰৰ মাজত মাটিৰ পৰা ১০০ মিটাৰ তলত ফৰ্ডো পাৰমাণৱিক প্লাণ্টটো নিৰ্মাণ কৰিছিল, যিটো স্বাভাৱিক বিস্ফোৰণৰ দ্বাৰা ক্ষতিগ্ৰস্ত নহয় । সেইবাবেই আমেৰিকাই এই পাৰমাণৱিক উদ্যোগটোত বাংকাৰ-বাষ্টাৰ বোমা নিক্ষেপ কৰাৰ সিদ্ধান্ত লৈছিল । এই বোমাই প্ৰথমে ৬০ৰ পৰা ৭০ মিটাৰ মাটিত সোমাই তাৰ পিছত বিস্ফোৰণ ঘটে । অৰ্থাৎ এই বোমাৰ সহায়ত শত্ৰুৰ ভূগৰ্ভস্থ সুবিধাক লক্ষ্য কৰি লোৱা হয় ।
উন্নত বাংকাৰ-বাষ্টাৰ্ছ বোমা নিৰ্মাণৰ প্ৰচেষ্টা ত্বৰান্বিত কৰিছে ভাৰতেও । শেহতীয়া বিশ্ব সংঘাতৰ পৰা শিক্ষা লৈ দেশখনে শত্ৰুৰ পাৰমাণৱিক স্থাপন আৰু গভীৰ মাটিৰ তলত নিৰ্মিত অন্যান্য কৌশলগত আন্তঃগাঁথনিত আঘাত কৰিব পৰা নতুন আৰু শক্তিশালী ক্ষেপণাস্ত্ৰ ব্যৱস্থা গঢ়ি তুলি ভৱিষ্যত যুদ্ধৰ বাবে প্ৰস্তুতি চলাইছে । প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই অগ্নি-V আন্তঃমহাদেশীয় বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ পৰিৱৰ্তিত সংস্কৰণ প্ৰস্তুত কৰি আছে । অগ্নি- Vৰ মূল সংস্কৰণৰ ৰেঞ্জ ৫০০০ কিলোমিটাৰতকৈও অধিক আৰু এই মিছাইলে সাধাৰণতে পাৰমাণৱিক ৱাৰহেড কঢ়িয়াই লৈ যাবলৈ সক্ষম । ইয়াৰ পৰিৱৰ্তিত সংস্কৰণটো হ’ব ৭৫০০ কিলোগ্ৰাম ওজনৰ বিশাল বাংকাৰ-বাষ্টাৰ ৱাৰহেড কঢ়িয়াই নিব পৰা গতানুগতিক অস্ত্ৰ ।
মাটিৰ ১০০ মিটাৰ গভীৰতাত নিৰ্মিত শত্ৰুৰ আত্মগোপন স্থানসমূহো ধ্বংস হ’ব-
কংক্ৰিটৰ শক্তিশালী স্তৰৰ তলত নিৰ্মিত শত্ৰুৰ সামৰিক আৰু কৌশলগত আত্মগোপন স্থান আক্ৰমণ কৰিবলৈ ডিজাইন কৰা এই মিছাইলটোৱে ৮০ৰ পৰা ১০০ মিটাৰ ড্ৰিলিং কৰি বিস্ফোৰণৰ পূৰ্বে মাটিত প্ৰৱেশ কৰিব । ভাৰতৰ এই ক্ষেপণাস্ত্ৰৰ বিকাশে আমেৰিকাৰ সামৰ্থ্যৰ সৈতে মিল ৰখাৰ উদ্দেশ্য প্ৰতিফলিত কৰিছে, যিয়ে শেহতীয়াকৈ বিশ্বৰ সৰ্ববৃহৎ গতানুগতিক বাংকাৰ-বাষ্টাৰ্ছ বোমা GBU-57/A ব্যৱহাৰ কৰি ইৰাণৰ ফৰ্ডো পাৰমাণৱিক প্লাণ্টত আক্ৰমণ চলাইছিল । ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰটোত আমেৰিকাই মুঠ ১৪টা জি বি ইউ-৫৭/এ বোমা নিক্ষেপ কৰে । জি বি ইউ-৫৭ আৰু ইয়াৰ পূৰ্বৰ জি বি ইউ-৪৩এ গভীৰভাৱে প্ৰৱেশ কৰা অস্ত্ৰৰ ক্ষেত্ৰত মানদণ্ড নিৰ্ধাৰণ কৰিছে ।
ভাৰতে প্ৰস্তুত কৰি থকা জি বি ইউ-৫৭/এৰ থলুৱা সংস্কৰণটোৱে অধিক প্ৰৱেশৰ লক্ষ্য ৰাখিছে । আমেৰিকাৰ GBU-57/A বোমা নিক্ষেপ কৰিবলৈ ব্যয়বহুল বোমাৰু বিমানৰ প্ৰয়োজন হয় । ইয়াৰ বিপৰীতে ভাৰতে নিজৰ বাংকাৰ বাষ্টাৰ্ছ বোমা ক্ষেপণাস্ত্ৰৰ দ্বাৰা লক্ষ্যস্থানলৈ প্ৰেৰণ কৰিব পৰাকৈ ডিজাইন কৰি আছে । অৰ্থাৎ ভাৰতীয় বাংকাৰ-বাষ্টাৰ্ছ বোমা নিক্ষেপ কৰাৰ খৰচ কম হ’ব আৰু ব্যয়বহুল বোমাৰু বিমানৰ প্ৰয়োজন নাথাকিব । ইয়াৰ দ্বাৰা ভাৰতে বিশ্বৰ অস্ত্ৰ বজাৰত এক বৃহৎ উত্থান লাভ কৰিব । অগ্নি- Vৰ দুটা নতুন সংস্কৰণ প্ৰস্তুত কৰা হৈছে । এটাত মাটিৰ ওপৰৰ লক্ষ্যৰ বাবে এয়াৰবাৰ্ষ্ট ৱাৰহেড থাকিব, আনহাতে আনটো হ’ব গভীৰভাৱে ভেদ কৰা ক্ষেপণাস্ত্ৰ যিটো কঠিন হৈ পৰা মাটিৰ তলৰ গঠনত প্ৰৱেশ কৰিব পৰাকৈ ডিজাইন কৰা হৈছে । ধাৰণাত ই জি বি ইউ-৫৭ৰ দৰেই হ’ব, কিন্তু বহুত ডাঙৰ পেলোডৰ সৈতে নিৰ্মাণ কৰা হ’ব ।
লগতে পঢ়ক : এতিয়া অসমৰ ৰাজপথত অৱতৰণ কৰিব যুদ্ধ বিমান; অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে ৰাণৱে’