ভাৰতত নিৰ্মিত I Phone ত কিমান প্ৰভাৱ পেলাব ট্ৰাম্পৰ শুল্কই?
I Phone নিৰ্মাতা কোম্পানী এপলে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাসিক (এপ্ৰিল-জুন)ৰ ফলাফল ঘোষণা কৰিছে।
এই সময়ছোৱাত কোম্পানীটোৰ ৰাজহ ৯৪.০৪ বিলিয়ন ডলাৰ (প্ৰায় ৮.২১ লাখ কোটি টকা), যিটো যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ১০ শতাংশ বেছি।
আনহাতে, ৱাল ষ্ট্ৰীটৰ ৰাজহ প্ৰায় ৮৯ বিলিয়ন ডলাৰ (প্ৰায় ৭.৭৭ লাখ কোটি টকা) বুলি অনুমান কৰা হৈছিল।
২০২১ চনৰ পিছত প্ৰথমবাৰৰ বাবে কোম্পানীটোৰ ৰাজহ ইমানেই বৃদ্ধি পাইছে, যিয়ে ইয়াৰ শক্তিশালী প্ৰত্যাৱৰ্তনৰ ইংগিত দিয়ে।
অৱশ্যে ইয়াৰ মাজতে এপলৰ চিইঅ’ টিম কুকে ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে নিৰ্মাণ কৰি থকা ইলেক্ট্ৰনিকছ সামগ্ৰীৰ ওপৰত আমেৰিকাই আৰোপ কৰা শুল্কৰ হেঁচা বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰে।
কোম্পানীটোৰ ত্ৰিমাসিক ফলাফল ঘোষণা কৰি তেওঁ কয় আমেৰিকাত বিক্ৰী হোৱা আইফোনৰ অধিকাংশই ভাৰতত নিৰ্মিত।
এনে পৰিস্থিতিত আমেৰিকাৰ বাণিজ্য নীতিৰ নতুন ঢৌৱে সৃষ্টি কৰা আৰ্থিক হেঁচাতো এপল পিছ হুহুকি যোৱা নাই।
কোম্পানীটোৰ চিইঅ’ গৰাকীয়ে লগতে কয় যে, “I Phone ৰ দ্ৰুতগতিত বৃদ্ধি পোৱা বজাৰসমূহৰ ভিতৰত ভাৰত অন্যতম। এপলৰ অধিকাংশ সামগ্ৰীও ধাৰা ২৩২ৰ অধীনত তদন্তৰ পৰিসৰৰ অন্তৰ্গত।
লগতে কেৱল চতুৰ্থ ত্ৰৈমাসিকত ১১ বিলিয়ন ডলাৰৰ শুল্কৰ সন্মুখীন হ’ব পাৰে। যদিও এপলে আইফোন উৎপাদনৰ এক বৃহৎ অংশ ভাৰতলৈ স্থানান্তৰিত কৰিছে, কিন্তু শুল্কৰ বোজা এতিয়াও আছে, বিশেষকৈ চীনক লক্ষ্য কৰি জাপি দিয়া IEEPA (আন্তঃৰাষ্ট্ৰীয় জৰুৰীকালীন অৰ্থনৈতিক ক্ষমতা আইন) শুল্কৰ কাৰণে।”
লগতে পঢ়ক: ‘শুনিছোঁ ভাৰতে আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে, ভাল কথা’; ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ মন্তব্য