ভাৰতীয় দল
২৪ মে’, শনিবাৰে বি চি চি আইয়ে ইংলেণ্ড ভ্ৰমণৰ বাবে ১৮ জনীয়া ভাৰতীয় দল ঘোষণা কৰে । শুভমন গীলক এতিয়া ভাৰতীয় টেষ্ট দলৰ নতুন অধিনায়ক হিচাবে নিযুক্তি দিয়াৰ লগতে ঋষভ পন্টক সহ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে । এই দলত স্থান দিয়া হৈছে ছাই সুদৰ্শন, অভিমন্যু ইশ্বৰন আৰু নীতিশ কুমাৰ ৰেড্ডীৰ দৰে উদীয়মান তাৰকাক । প্ৰায় ৭ বছৰৰ মূৰত পুনৰ টেষ্ট দললৈ ঘূৰি আহিছে কৰুণ নাইৰ ।
বৰ্তমান ভাৰতত চলি আছে আই পি এল ২০২৫ৰ উত্তেজনা । যদি আমি ভাৰতীয় দললৈ চাওঁ তেন্তে আই পি এলৰ এটা দলৰ ৫ জন খেলুৱৈক ইয়াত স্থান দিয়া হৈছে, কিন্তু আৰ চি বিৰ এজনো খেলুৱৈয়ে দলত স্থান লাভ কৰবলৈ সক্ষম হোৱা নাই । আই পি এলৰ প্ৰতিটো দলৰ পৰা কিমানজন খেলুৱৈয়ে ইংলেণ্ড ভ্ৰমণৰ বাবে টিম ইণ্ডিয়াত স্থান লাভ কৰিছে জানক…
গুজৰাট টাইটানছৰ সৰ্বাধিক খেলুৱৈ-
ইংলেণ্ডৰ বিৰুদ্ধে ৫ খনীয়া মেচৰ টেষ্ট শৃংখলাৰ বাবে দলত স্থান লাভ কৰিছে গুজৰাট টাইটানছৰ ৫ গৰাকী খেলুৱৈয়ে । এই খেলুৱৈসকলৰ নাম হ’ল শুভমন গীল, ছাই সুদৰ্শন, ৱাশ্বিংটন সুন্দৰ, মহম্মদ ছিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণ । আই পি এল ২০২৫ত সুন্দৰে মাত্ৰ পাঁচখন খেল খেলিছে, তেওঁৰ বাহিৰে বাকী চাৰিজন খেলুৱৈৰ ফৰ্মত আছে অতি উত্তম ।
২ টা দলৰ পৰা ৩ জনকৈ খেলুৱৈ-
টিম ইণ্ডিয়াত দিল্লী কেপিটেলছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ তিনিজনকৈ খেলুৱৈ ইংলেণ্ড ভ্ৰমণলৈ যাব । দিল্লীৰ কে এল ৰাহুলক অপেনিং কৰা দেখা যাব পাৰে । তেওঁৰ উপৰিও কুলদীপ যাদৱ আৰু কৰুণ নাইৰকো ১৮ জনীয়া দলটোত অন্তৰ্ভুক্ত কৰা হৈছে । ভাৰতৰ টেষ্ট দলৰ নতুন উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া এল এছ জিৰ অধিনায়ক ঋষভ পন্টকো দলত অন্তৰ্ভুক্ত কৰা হৈছে । তেওঁৰ উপৰিও আকাশদ্বীপ আৰু শ্বাৰ্দুল ঠাকুৰেও ইংলেণ্ড ভ্ৰমণলৈ যোৱাৰ সুযোগ লাভ কৰিছে ।
ৰাজস্থানৰ পৰা ২ জন, চাৰিটা দলৰ পৰা এজনকৈ খেলুৱৈ-
যশস্বী জয়ছোৱাল আৰু ধ্ৰুৱ জুৰেলে ৰাজস্থান ৰয়েলছৰ পৰা সুযোগ লাভ কৰিছে । টিম ইণ্ডিয়াত স্থান লাভ কৰিছে চেন্নাই ছুপাৰ কিংছ, মুম্বাই ইণ্ডিয়ানছ, পঞ্জাব কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ এজনকৈ খেলুৱৈয়ে । ইংলেণ্ড ভ্ৰমণলৈ যাব যশপ্ৰীত বুমৰাহ (এম আই), ৰবীন্দ্ৰ জাডেজা (চি এছ কে), নীতিশ কুমাৰ ৰেড্ডী (এছ আৰ এইচ) আৰু অৰ্শদীপ সিং (পি বি কে এছ) । ইফালে, ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু কলকাতা নাইট ৰাইডাৰ্ছ এই দুটা দলৰ খেলুৱৈয়ে ইংলেণ্ড ভ্ৰমণৰ বাবে ঘোষিত ভাৰতীয় দলটোত স্থান লাভ কৰা নাই ।
লগতে পঢ়ক : টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা; শুভমন গীললৈ অধিনায়কৰ দায়িত্ব