দিল্লীৰ দৰে ২০২৬ত জয়ৰ দাবী অমিত শ্বাহৰ
তামিলনাডু ভ্ৰমণত থকা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মাদুৰাইত অগ্নিবৰ্ষা ভাষণ প্ৰদান কৰে । তেওঁ কয় যে ২০২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ৰাজ্যখনত চৰকাৰ গঠন কৰিব । ৰাজনৈতিক বাৰ্তাৰে ভৰা ভাষণত অমিত শ্বাহে কেৱল তামিলনাডুতে নহয়, পশ্চিমবংগতো বিজেপিৰ আগমনৰ ভৱিষ্যদ্বাণী কৰে । শ্বাহে কয়, “তামিলনাডুৰ জনসাধাৰণে দুৰ্নীতিগ্ৰস্ত ডি এম কে শাসন ব্যৱস্থাক উফৰাই পেলাবলৈ অপেক্ষা কৰি আছে । ২০২৬ত তামিলনাডু আৰু পশ্চিম বংগত বিজেপিৰ শাসন নিশ্চিত । মোৰ চকু-কাণ তামিলনাডুৰ ওপৰত ।”
কাবেৰী ইঞ্জিনৰ কথা উল্লেখ-
গৃহমন্ত্ৰীগৰাকীয়ে অপাৰেচন সিন্দুৰৰ কথাও উল্লেখ কৰে । তেওঁ এই অভিযানক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ সামৰিক শক্তি প্ৰদৰ্শন কৰা এক গুৰুত্বপূৰ্ণ মাইলৰ খুটি বুলি অভিহিত কৰে । প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ বাবে মোদী চৰকাৰৰ প্ৰচেষ্টাত গুৰুত্ব আৰোপ কৰি শ্বাহে কয়, “যেতিয়া পাকিস্তানে মিছাইল আৰু ড্ৰোন নিক্ষেপ কৰিছিল, তেতিয়া আমাৰ প্ৰত্যুত্তৰে বিশ্বক ভাৰতৰ শক্তি দেখুৱাইছিল । আমাৰ সেনাই পাকিস্তানৰ ১০০ কিলোমিটাৰ ভিতৰলৈ উৰা মাৰিছিল আৰু চাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল ।” অমিত শ্বাহে এই অভিযানে তামিলনাডুৰ পৰা “সমৰ্থনৰ ঢৌ” সৃষ্টি কৰা বুলি দাবী কৰি কয় যে ইয়াৰ ফলত কাবেৰী ইঞ্জিনৰ দৰে থলুৱা প্ৰতিৰক্ষা প্ৰকল্পৰ বিষয়েও যুৱক-যুৱতীসকলৰ মাজত আলোচনাত ইন্ধন যোগাইছে ।
৩৯ হাজাৰ কোটি টকাৰ কেলেংকাৰী-
শাসকীয় ডি এম কেৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতি আৰু প্ৰশাসনিক ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰি অমিত শ্বাহে কয়, “এই চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ দহ শতাংশও পূৰণ কৰা নাই । অবৈধ সুৰাৰ ফলত হোৱা মৃত্যুৰ পৰা আৰম্ভ কৰি টি এ এছ এম এ ছিত সংঘটিত ৩৯ হাজাৰ কোটি টকাৰ কেলেংকাৰীলৈকে ডি এম কে এশ শতাংশ ব্যৰ্থ চৰকাৰ ।” তেওঁ ষ্টেলিন নেতৃত্বাধীন চৰকাৰে কেন্দ্ৰীয় পুঁজিৰ অপব্যৱহাৰ আৰু মূল উন্নয়নমূলক আঁচনি ৰূপায়ণত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে । তেওঁ মোদী চৰকাৰৰ ধন তামিলনাডুৰ জনসাধাৰণৰ ওচৰলৈ যোৱা নাই বুলিও অভিযোগ কৰে ।
২০২৬ চনৰ তামিলনাডু নিৰ্বাচনক এক গুৰুত্বপূৰ্ণ যুদ্ধক্ষেত্ৰ হিচাপে উল্লেখ কৰি অমিত শ্বাহে কয় যে, “এয়া প্ৰতিজন বিজেপি কৰ্মীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ ক্ষেত্ৰ । হাত দাঙি জয়ী হোৱাৰ প্ৰতিশ্ৰুতি লওক ।” তেওঁ ওড়িশাত বিজেপিৰ বিজয়, হাৰিয়ানাক ধৰি ৰখা আৰু ২৬ বছৰৰ পাছত দিল্লীত পুনৰ ক্ষমতালৈ অহাৰ দিশটোক মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালত দলটোৰ গতিবেগ হিচাপে আঙুলিয়াই দিয়ে । কিন্তু ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) গ্ৰহণ নকৰাৰ বাবে তামিলনাডুৰ চৰকাৰী বিদ্যালয়ৰ বাবে ২,১৫২ কোটি টকা মোকলাই নিদিয়া আৰু সীমা নিৰ্ধাৰ্ণৰ দৰে বিতৰ্কিত বিষয়ত অমিত শ্বাহে মৌনতা অৱলম্বন কৰে ।
লগতে পঢ়ক : মহাকাশত নতুন কাহিনী লিখাৰ প্ৰস্তুতি; ১০ জুনত উৰা মাৰিব শুভাংশু শুক্লা