হিণ্ডেনবাৰ্গ গোচৰত আদানী গ্ৰুপক ক্লিন চিট
হিণ্ডেনবাৰ্গ গোচৰত আদানী গ্ৰুপ আৰু গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে ডাঙৰ সকাহ পাইছে।বজাৰ নিয়ন্ত্ৰক ছেবিয়ে বৃহস্পতিবাৰে আদানী গ্ৰুপ আৰু ইয়াৰ অধ্যক্ষ গৌতম আদানীক আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্চে দ্বাৰা জাপি দিয়া গোচৰটোত ক্লিন চিট দি অভিযোগৰ পৰা মুক্ত কৰা হয়।
ছেবিৰ তদন্তত গৌতম আদানী আৰু আদানী গ্ৰুপৰ বিৰুদ্ধে হিণ্ডেনবাৰ্গ গোচৰত উত্থাপিত অভিযোগ প্ৰমাণিত নহ’ল। আদানী গ্ৰুপৰ ওপৰত লেনদেন লুকুৱাই ৰখাৰ বাবে তিনিটা সংস্থাৰ জৰিয়তে ধন পঠোৱাৰ অভিযোগ উত্থাপন হৈছিল।
দুটা পৃথক পৃথক আদেশত ছেবিয়ে কোনো উলংঘা নাপালে।লগতে ছেবিয়ে কয় যে ঋণ সুতৰে পৰিশোধ কৰা হৈছে।কোনো ধৰণৰ ধন আত্মসাৎ কৰা হোৱা নাছিল আৰু সেয়েহে কোনো ধৰণৰ প্ৰৱঞ্চনা সংঘটিত হোৱা নাছিল।
ছেবিয়ে কৰা তদন্তত দেখা গৈছে যে আদানী বন্দৰে ‘এডিকৰ্প এণ্টাৰপ্ৰাইজ’লৈ ধন হস্তান্তৰ কৰিছিল,যিয়ে আদানী পাৱাৰক ঋণৰ ৰূপত ধন আগবঢ়াইছিল।অৱশ্যে এডিকৰ্প এণ্টাৰপ্ৰাইজক ঋণ পৰিশোধ কৰিছিল আদানী পাৱাৰে।
আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে নিজৰ অফিচিয়েল এক্স হেণ্ডেলত টুইট কৰি কয় যে, বিতং তদন্তৰ অন্তত ছেবিয়ে আমাক নিৰ্দোষী বুলি ধৰা পেলাইছে।
লগতে পঢ়ক: পাকিস্তান আৰু চৌদি আৰবৰ মাজত সম্পন্ন প্ৰতিৰক্ষা চুক্তি…