মুকেশ আম্বানীক পিছ পেলাই এছিয়াৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ শীৰ্ষত গৌতম আদানী

২০২৬ চনত এতিয়ালৈকে গৌতম আদানীৰ সম্পত্তি ৮.১ বিলিয়ন ডলাৰ বৃদ্ধি পোৱাৰ বিপৰীতে, ইফালে, চলিত বৰ্ষৰ ভিতৰত মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৬.৯ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে।

আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে পুনৰবাৰ এক বৃহৎ মাইলৰ খুঁটি অৰ্জন কৰিছে। মুকেশ আম্বানীক পিছ পেলাই এছিয়াৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ শীৰ্ষত গৌতম আদানীয়ে স্থান লাভ কৰিছে। ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্সৰ ১৭ এপ্ৰিল ২০২৬ চনৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, তেওঁৰ মুঠ সম্পত্তি ৯২.৬ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে।ইয়াৰ লগে লগে তেওঁ বিশ্বৰ কোটিপতিৰ তালিকাত ১৯ নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে।এই প্ৰতিবেদন অনুসৰি, গৌতম আদানীয়ে এতিয়া মুকেশ আম্বানীক অতিক্ৰম কৰিছে।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী এই তালিকাৰ ২০ নম্বৰ স্থানত আছে। বৰ্তমান তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৯০.৮ বিলিয়ন ডলাৰ বুলি জানিব পৰা গৈছে। চলিত বৰ্ষত এতিয়ালৈকে তেওঁৰ সম্পত্তি ৮.১ বিলিয়ন ডলাৰ বৃদ্ধি পাইছে, ইয়াৰ লগে লগে তেওঁ এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে।  

য’ত গৌতম আদানীৰ ধন-সম্পত্তি দিনে দিনে বৃদ্ধি পাইছে, আনহাতে চলিত বৰ্ষৰ ভিতৰত মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৬.৯ বিলিয়ন ডলাৰ হ্ৰাস পাইছে। বিশ্বৰ আটাইতকৈ ধনী লোকৰ তালিকাত এতিয়াও ইলন মাস্কে শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিছে,যাৰ মুঠ সম্পত্তিৰ পৰিমাণ ৬৫৬ বিলিয়ন ডলাৰ বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক: উচ্চতম ন্যায়ালয়ত মুখ ঠেকেচা পৱন খেড়াৰ; যিকোনো মুহূৰ্তত হ’ব পাৰে গ্ৰেপ্তাৰ  

জুবিন গাৰ্গৰ বাসগৃহত উদ্যোগপতি গৌতম আদানী; পৰিয়ালক সমবেদনা জ্ঞাপন

জুবিন গাৰ্গৰ বাসগৃহত উদ্যোগপতি গৌতম আদানী

জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত  উপস্থিত হ’ল গৌতম আদানী।জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহিছে উদ্যোগপতিগৰাকীয়ে।

পুত্ৰ জিত আদানিৰ সৈতে বৰঝাৰৰ পৰা পোন পোনে শিল্পীগৰাকীৰ বাসগৃহত উপস্থিতি গৌতম আদানী।প্ৰাইভেট জেটযোগে বৰঝাৰত উপস্থিত হয় তেওঁ। শোকসন্তপ্ত পৰিয়ালক সমবেদনাও জ্ঞাপন কৰে।গৰিমা শইকীয়া গাৰ্গৰ সৈতেও কৰিলে বাৰ্তালাপ।

লগতে পঢ়ক: জুবিন গাৰ্গৰ ৰহস্যজনক ঘটনাৰ ন্যায় বিচাৰি এজাহাৰ দাখিল পত্নী গৰিমা গাৰ্গৰ

হিণ্ডেনবাৰ্গ গোচৰত আদানী গ্ৰুপক ক্লিন চিট; বন্ধ হ’ল গোচৰ

হিণ্ডেনবাৰ্গ গোচৰত আদানী গ্ৰুপক ক্লিন চিট

হিণ্ডেনবাৰ্গ গোচৰত আদানী গ্ৰুপ আৰু গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে ডাঙৰ সকাহ পাইছে।বজাৰ নিয়ন্ত্ৰক ছেবিয়ে বৃহস্পতিবাৰে আদানী গ্ৰুপ আৰু ইয়াৰ অধ্যক্ষ গৌতম আদানীক আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্চে দ্বাৰা জাপি দিয়া গোচৰটোত ক্লিন চিট দি অভিযোগৰ পৰা মুক্ত কৰা হয়।

ছেবিৰ তদন্তত গৌতম আদানী আৰু আদানী গ্ৰুপৰ বিৰুদ্ধে হিণ্ডেনবাৰ্গ গোচৰত উত্থাপিত অভিযোগ প্ৰমাণিত নহ’ল। আদানী গ্ৰুপৰ ওপৰত লেনদেন লুকুৱাই ৰখাৰ বাবে তিনিটা সংস্থাৰ জৰিয়তে ধন পঠোৱাৰ অভিযোগ উত্থাপন হৈছিল।

দুটা পৃথক পৃথক আদেশত ছেবিয়ে কোনো উলংঘা নাপালে।লগতে ছেবিয়ে কয় যে ঋণ সুতৰে পৰিশোধ কৰা হৈছে।কোনো ধৰণৰ ধন আত্মসাৎ কৰা হোৱা নাছিল আৰু সেয়েহে কোনো ধৰণৰ প্ৰৱঞ্চনা সংঘটিত হোৱা নাছিল।

ছেবিয়ে কৰা তদন্তত দেখা গৈছে যে আদানী বন্দৰে ‘এডিকৰ্প এণ্টাৰপ্ৰাইজ’লৈ ধন হস্তান্তৰ কৰিছিল,যিয়ে আদানী পাৱাৰক ঋণৰ ৰূপত ধন আগবঢ়াইছিল।অৱশ্যে এডিকৰ্প এণ্টাৰপ্ৰাইজক ঋণ পৰিশোধ কৰিছিল আদানী পাৱাৰে।

আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে নিজৰ অফিচিয়েল এক্স হেণ্ডেলত টুইট কৰি কয় যে, বিতং তদন্তৰ অন্তত ছেবিয়ে আমাক নিৰ্দোষী বুলি ধৰা পেলাইছে।

লগতে পঢ়ক: পাকিস্তান আৰু চৌদি আৰবৰ মাজত সম্পন্ন প্ৰতিৰক্ষা চুক্তি…

মুকেশ আম্বানী আৰু গৌতম আদানীলৈ ডাঙৰ আঘাত ! বাহিৰ হ’ল মুঠ সম্পত্তিৰ এই তালিকাৰ পৰা

ভাৰতৰ ধনী ব্যক্তি মুকেশ আম্বানী আৰু গৌতম আদানীৰ ধন-সম্পত্তিৰ ব্যাপক হ্ৰাস পাইছে । দুয়োজন কোটিপতিৰ ধন ১০০ বিলিয়ন ডলাৰৰ তললৈ নামি গৈছে । এই তালিকাৰ পৰা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানী আৰু আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানী দুয়ো বাদ পৰাৰ পিছতে এক জোকাৰণিৰ সৃষ্টি হৈছে ।

ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি, শক্তি আৰু খুচুৰা খণ্ডত মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ প্ৰদৰ্শন শেহতীয়াকৈ হ্ৰাস পাইছে । বিশেষকৈ শক্তি খণ্ডত লাভৰ হাৰ হ্ৰাস পোৱা আৰু খুচুৰা খণ্ডত গ্ৰাহকৰ খৰচৰ অভ্যাস হ্ৰাস পোৱাটোৱে চিন্তাৰ সৃষ্টি কৰিছে ।

ইয়াৰ উপৰিও ৰিলায়েন্সৰ ওপৰত ঋণৰ চাপো বাঢ়িছে, যাৰ ফলত আম্বানীৰ ধন-সম্পত্তিৰ পৰিমাণ প্ৰভাৱিত হৈছে । ১৩ ডিচেম্বৰলৈকে তেওঁৰ সম্পত্তিৰ মূল্য আছিল ৯৬.৭ বিলিয়ন ডলাৰ, যিটো এসময়ত ১২০.৮ বিলিয়ন ডলাৰ আছিল ।

আদানীৰ সম্পত্তিৰ ওপৰত আমেৰিকাৰ অভিযোগৰ প্ৰভাৱ দৃশ্যমান-

একে সময়তে গৌতম আদানীৰ ধন-সম্পত্তিৰো ব্যাপক হ্ৰাস পাইছে । জুন মাহত তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল ১২২.৩ বিলিয়ন ডলাৰ ।  কিন্তু এতিয়া আমেৰিকাৰ তদন্ত আৰু হিণ্ডেনবাৰ্গ ৰিচাৰ্চে কৰা জালিয়াতিৰ অভিযোগৰ পিছত তেওঁৰ ধন-সম্পত্তি যথেষ্ট হ্ৰাস পাইছে ।

নৱেম্বৰ মাহত আমেৰিকাৰ অধিবক্তাসকলে আদানীক ভাৰত চৰকাৰৰ বিষয়াক উৎকোচ দিয়াৰ অভিযোগৰ তদন্ত আৰম্ভ কৰিছিল, যাৰ ফলত তেওঁৰ ব্যৱসায়ত নতুন অসুবিধাৰ সৃষ্টি হৈছিল । ইয়াৰ বাবেই আদানীৰ সম্পত্তিৰ মূল্য এতিয়া ৮২.১ বিলিয়ন ডলাৰত উপনীত হৈছে ।

আদানি গ্ৰুপৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগৰ পিছত, কোম্পানীটোৱে নিজকে স্বচ্ছ হিচাপে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছিল । আদানীয়ে এই অভিযোগ অস্বীকাৰ কৰি কয় যে তেওঁৰ গোটে “বিশ্ব-শ্ৰেণীৰ নিয়ামক অনুপালন”ত বিশ্বাস কৰে । তেওঁ এইটোও কৈছিল যে প্ৰতিটো প্ৰত্যাহ্বানই তেওঁৰ কোম্পানীক শক্তিশালী কৰি তোলে । অৱশ্যে, এই অভিযোগবোৰৰ বাবে, আদানি গোটৰ বজাৰ মূল্য হ্ৰাস পাইছে, যি অনাগত সময়ত আৰু বৃদ্ধি হ’ব পাৰে ।

মুকেশ আম্বানী এতিয়াও এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি-

সম্প্ৰতি মুকেশ আম্বানী এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি । কিন্তু বৰ্তমান সময়ত তেওঁলোকৰ বাবে অসুবিধাও কম নহয় । ৰিলায়েন্সৰ খুচুৰা আৰু শক্তি কোম্পানীসমূহৰ প্ৰদৰ্শন হ্ৰাস পোৱাৰ ফলত ইয়াৰ সম্পদত প্ৰভাৱ পৰিছে । জুলাই মাহত তেওঁৰ ধন আছিল ১২০.৮ বিলিয়ন ডলাৰ । কিন্তু এতিয়া ই ৯৬.৭ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে ।