পাকিস্তানৰ ভাবুকিৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কয় যে ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ পিছত পাকিস্তানে এটা নতুন কাহিনী বনাইছে যে যদি চীনে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবাহ বন্ধ কৰি দিয়ে তেন্তে কি হ’ব ? অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পাকিস্তানৰ মনেগঢ়া এই ভাবুকি নুই কৰি কয় যে প্ৰথমে চীনে এনে কোনো পদক্ষেপ গ্ৰহণ নকৰে আৰু সেয়া হ’লেও অসমত প্ৰতি বছৰে হোৱা বানপানী হ্ৰাস কৰাতহে সহায় কৰিব ।
ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা পোষ্টত হিমন্ত বিশ্ব শৰ্মাই কয় যে ‘ভাৰতে সিন্ধু জল চুক্তিক নস্যাৎ কৰাৰ পাছত পাকিস্তানে এতিয়া নতুন এক কল্পনাপ্রসূত শংকাৰ সৃষ্টি কৰিব খুজিছে- ‘যদি চীনে ব্ৰহ্মপুত্ৰৰ পানী ভেটা দিয়ে ভাৰতৰ কি হ’ব?’ ভাৰতৰ একো নহয় ৷ এই ভ্ৰান্ত ধাৰণাসমূহ তথ্যৰ আধাৰত আমি নস্যাৎ কৰিম ৷’
মুখ্যমন্ত্ৰী ড০ শৰ্মাই আৰু লিখিছে যে, ‘ব্ৰহ্মপুত্ৰই ইয়াৰ মহাবাহু বিশাল ৰূপ ধাৰণা কৰিছে ভাৰততহে ৷ চীনে ব্ৰহ্মপুত্ৰৰ পানীৰ ৩০-৩৫% হে যোগান ধৰে ৷ ইয়াৰে বেছিভাগ হিমবাহ গলি যোৱাৰ পাছত সৃষ্টি হোৱা পানী আৰু সীমিত তিব্বতীয় উপত্যকাত হোৱা বৰষুণৰ পৰা সৃষ্টি হোৱা পানী । বাকী থকা ৬৫ৰ ৭০% ব্ৰহ্মপুত্ৰৰ পানী ভাৰততে সৃষ্টি হৈছে, ভাৰততে বৈছে, এই পানী ব্ৰহ্মপুত্ৰলৈ বৈ আহিছে…
ক) অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড আৰু মেঘালয়ৰ মুষলধাৰ বৰষুণৰ পৰা
খ) সোৱণশিৰি, লোহিত, কামেং, মানস, ধনশিৰি, জীয়া-ভৰলী, কপিলী আদি প্ৰধান উপনৈৰ পৰা
গ) খাচি, গাৰো আৰু জয়ন্তীয়া পাহাৰৰ পৰা; কৃষ্ণাই, ডিগাৰু, কুলসী আদি নৈৰ পৰা’
হিমন্ত বিশ্ব শৰ্মাই কয় ‘ভাৰত-চীন সীমান্তৰ টুটিঙত ব্ৰহ্মপুত্ৰৰ প্ৰবাহ প্ৰায় ২,০০০–৩,০০০ ঘনমিটাৰ প্ৰতি ছেকেণ্ড ৷ অসমৰ ভৈয়ামত, যেনে- গুৱাহাটীত এই প্ৰবাহ বাৰিষাৰ সময়ত ই ১৫,০০০ৰ পৰা ২০,০০০ ঘনমিটাৰ প্ৰতি ছেকেণ্ডলৈ বৃদ্ধি পায় ৷ ব্ৰহ্মপুত্ৰ ভাৰতৰ এনে এখন নদী নহয়, যি বৈ যাবলৈ হিমালয়ৰ ওপৰত নিৰ্ভৰ কৰে ৷ ব্ৰহ্মপুত্ৰক ভৰুণ কৰি ৰাখে ভাৰতৰ দোপালপিটা বৰষুণে ৷ সেয়ে লুইতে বল পাইছে ভাৰততহে ৷’
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানক প্ৰত্যুত্তৰ দি কয়, ‘পাকিস্তানে এটা শাশ্বত সত্য জনা উচিত, যদিও চীনে চৰকাৰী মঞ্চত একো ভাবুকি প্ৰদান কৰা নাই, তথাপি যদিহে চীনে ব্ৰহ্মপুত্ৰৰ পানী ভেটাও দিয়ে ই আওপকীয়াকৈ হ’লেও ভাৰতক সহায়হে কৰিব, বিশেষকৈ বাৰিষাৰ বান নিয়ন্ত্ৰণৰ সময়ত ৷ যি বানে প্ৰতি বছৰে লক্ষাধিক লোকক ক্ষতিগ্ৰস্ত কৰে । ইফালে, পাকিস্তানে যোৱা ৭৪ বছৰে সিন্ধু জল চুক্তিৰ অধীনত ভাৰতৰ পৰা বৈ যোৱা পানীৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰি অভ্যস্ত হৈ পৰাৰ পাছত এতিয়া শংকাত ভুগিছে, যিহেতু ভাৰতে এতিয়া নিজৰ সাৰ্বভৌম অধিকাৰৰ কথা মনত পেলাই দিছে ৷ট
তেওঁ কয়, ‘সংক্ষেপে এটা কথা বুজাই দিবলৈ বিচাৰিছোঁ, ব্ৰহ্মপুত্ৰক কোনো এটা মাত্ৰ উৎসই নিয়ন্ত্ৰণ কৰিব নোৱাৰে ৷ ব্ৰহ্মপুত্ৰ চিৰ প্ৰবহমান নিজৰ ভৌগোলিক স্থিতিৰ বাবে ৷ আমাৰ আশীৰ্বাদ স্বৰূপ বাৰিষাৰ বাবে আৰু লুইতপৰীয়া সভ্যতাৰ ঐক্য-শক্তিৰ বাবে ৷’
লগতে পঢ়ক : আমাক দোষ দিয়া বন্ধ কৰক, নিজৰ ভিতৰলৈ চাওক… শ্বাহবাজৰ মন্তব্যক লৈ পাকিস্তানক প্ৰত্যুত্তৰ ভাৰতৰ