এছিয়া কাপৰ পূৰ্বে হাৰ্দিক পাণ্ডিয়াৰ নতুন অৱতাৰ
এছিয়া কাপ ২০২৫ আৰম্ভ হ’বলৈ আৰু মাত্ৰ ৪ দিন বাকী আছে, ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব প্ৰতিযোগিতা। অহা ১০ ছেপ্টেম্বৰত ডুবাই খেলপথাৰত ইউ এ ই দলৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে প্ৰতিযোগিতাখনৰ প্ৰথমখন খেল খেলিব।
টিম ইণ্ডিয়াৰ দলটোৱে ডুবাইত উপস্থিত হৈছে, য’ত ৫ ছেপ্টেম্বৰত আইচিচি একাডেমীত অনুষ্ঠিত হ’ব প্ৰথম অনুশীলন।
এছিয়া কাপৰ ঠিক পূৰ্বেই ভাৰতীয় দলৰ তাৰকা খেলুৱৈ হাৰ্দিক পাণ্ডিয়াৰ নতুন ৰূপ দেখিবলৈ পোৱা গৈছে, য’ত অনুৰাগীসকলে তেওঁক চিনি পোৱাটো অলপ কঠিন হৈ পৰিছে।
টিম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ পাণ্ডিয়াই নিজৰ নতুন লুকৰ বিষয়ে অনুৰাগী সকলক ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত ফটো পোষ্ট কৰি তেওঁৰ চুলিৰ নতুন অৱতাৰটো শ্বেয়াৰ কৰিছে।
সামাজিক মাধ্যমত ফটোকেইখন শ্বেয়াৰ কৰি খেলুৱৈ গৰাকীয়ে কেপচনত দিছে যে ‘New Me’। খেলুৱৈ গৰাকীৰ এই পোষ্টটো এতিয়া ভাইৰেল হৈ পৰিছে।
চুলিত নতুন ৰং কৰাৰ পিছত হাৰ্দিক পাণ্ডিয়াৰ নতুন ৰূপটো অতি সুন্দৰ দেখাইছে।তেওঁৰ নতুন অৱতাৰ দেখি খেলুৱৈ গৰাকীৰ অনুৰাগী সকল আচৰিত হৈছে।
লগতে পঢ়ক: মহিলা বিশ্বকাপৰ বাবে ভাৰতীয় দলত স্থান লাভ অসমৰ উমা ছেত্ৰীৰ…