গুৰু ৰান্ধৱাৰ তীক্ষ্ণ সমালোচনা
পাঞ্জাবী গায়ক তথা অভিনেতা দিলজিৎ দোছাঞ্জৰ ওপৰত বিপদৰ পাহাৰ ভাঙি পৰিছে। পাকিস্তানী অভিনেত্ৰী হানিয়া আমিৰে অভিনয় কৰা ‘চৰ্দাৰজী ৩’ ছবিখনক লৈ তেওঁ বিতৰ্কৰ আওতালৈ আহিছে।
এই সময়ত বহু লোকে কণ্ঠশিল্পীগৰাকীৰ বিৰুদ্ধে থিয় দিছে।আনকি তেওঁৰ ওপৰত নিষেধাজ্ঞাৰ দাবীও কৰিছে।এতিয়া দিলজিতৰ বিতৰ্কৰ ওপৰত গায়ক গুৰু ৰান্ধৱাই এটা ৰহস্যময় টুইট কৰিছে যিয়ে বহু প্ৰশ্নৰ উত্থাপন কৰিছে।
গুৰু ৰান্ধৱাই দিলজিতক টাৰ্গেট
বুধবাৰে নিশা পাঞ্জাবী গায়ক গুৰু ৰান্ধৱাই টুইট কৰি ‘ভুৱা জনসংযোগ’ক লৈ নিজৰ মতামত প্ৰকাশ কৰে। তেওঁ নিজৰ টুইটত কাৰোৰে নাম লিখা নাই, কিন্তু ব্যৱহাৰকাৰীসকলে বিশ্বাস কৰিছিল যে গুৰুৱে দিলজিতৰ বাবে এই টুইটটো কৰিছে।
কণ্ঠশিল্পী গৰাকীয়ে X ত লিখিছে যে, ‘যেতিয়া আপোনাৰ জনসংযোগ দলটো আপোনাৰ প্ৰতিভাতকৈ অধিক প্ৰতিভাশালী হয়, তেতিয়া বিতৰ্কবোৰ সাধাৰণ কথা হৈ পৰে।
সেই দিনলৈ এতিয়া বেছি দূৰ নাই যেতিয়া মানুহৰ চকু মেল খাব আৰু তেওঁলোকে সঁচা কি গম পাব। ভুৱা জনসংযোগ আৰু শিল্পীক ভগৱানে আশীৰ্বাদ কৰক।’
গুৰু ৰন্ধাৱাৰ এই টুইটটো অতি কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰিল। অনুৰাগীৰ মতে ‘চৰ্দাৰ জী ৩’ক লৈ সৃষ্টি হোৱা বিতৰ্কৰ নামত কণ্ঠশিল্পী গৰাকীয়ে দিলজিতক লক্ষ্য কৰি লৈছিল।
গুৰুৱে বিশ্বাস কৰে যে এয়া দিলজিতৰ নতুন জনসংযোগ খেল যাৰ জৰিয়তে তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰে।
অৱশ্যে তেওঁ ইয়াতেই থমকি ৰোৱা নাছিল। গুৰুৱে টুইটোত লিখিছে যে, ‘লাখ লাখ মানুহ বিদেশী হৈ পৰিছে, কিন্তু তেওঁলোকে নিজৰ দেশক বিশ্বাসঘাতকতা নকৰে।’ যি দেশৰ খাদ্য খায়, সেই দেশৰ পৰা তেওঁলোকে বেয়া কাম নিবিচাৰে।’
‘আপোনাৰ নাগৰিকত্ব যদি এতিয়া ভাৰতীয় নহয় কিন্তু যদি ভাৰতত জন্ম হৈছে, তেন্তে এই কথাটো মনত ৰাখিব।এই দেশত বহুতো মহান শিল্পীৰ জন্ম হৈছে আৰু আমি সকলোৱে তেওঁলোকৰ বাবে অতি গৌৰৱান্বিত।
অনুগ্ৰহ কৰি আপোনাৰ জন্ম ক’ত হৈছিল তাক লৈ গৌৰৱ কৰক।মাত্ৰ এটা উপদেশ, কোনো নতুন বিতৰ্ক আৰম্ভ নকৰিব আৰু ভাৰতীয়ক বিপথে পৰিচালিত নকৰিব।জনসংযোগ এজন শিল্পীতকৈও ডাঙৰ হৈ পৰিছে।’
গুৰু ৰন্ধাৱাৰ এই টুইটক লৈ এতিয়ালৈকে দিলজিতৰ কোনো প্ৰতিক্ৰিয়া হোৱা নাই।এনে পৰিস্থিতিত এই বিতৰ্ক কিমান দূৰ আগবাঢ়িছে সেয়া হ’ব লক্ষ্যণীয়।
লগতে পঢ়ক: দিলজিৎ দোছাঞ্জক ‘ভুৱা গায়ক’ৰ আখ্যা মিকা সিঙৰ; সামাজিক মাধ্যমত আক্ৰমণ