ধূমপান কৰাক লৈ জাৰি নিষেধাজ্ঞা
ফ্ৰান্সে এটা ডাঙৰ পদক্ষেপ লৈ উদ্যান, বিদ্যালয়, বিল আৰু অন্যান্য ৰাজহুৱা স্থানত ধূমপানৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে।
ফ্ৰান্সত ৰাজহুৱা স্থানত ধূমপান কৰাটো আৰু বিপদমুক্ত নহ’ব আৰু তেনে কৰি ধৰা পৰিলে সকলোকে শাস্তি দিয়া হ’ব।
এই নিষেধাজ্ঞাৰ বিষয়ে তথ্য দি ফ্ৰান্সৰ স্বাস্থ্য আৰু পৰিয়াল মন্ত্ৰী কেথেৰিন ভ’ট্ৰিনে এই কথা কয় ফ্ৰান্সত শিশুৰ সঘনাই অহা-যোৱা কৰা ৰাজহুৱা স্থানত চিগাৰেট খোৱাটো নিষিদ্ধ কৰা হৈছে।
মন্ত্ৰী কেথেৰিন ভ’ট্ৰিনে কয় যে ১ জুলাইৰ পৰা ধুম্ৰ্পান নিষেধাজ্ঞা কাৰ্যকৰী হ’ব।এই নিষেধাজ্ঞা কাৰ্যকৰী হোৱাৰ পিছত বিল, পাৰ্ক, বাহিৰৰ বিদ্যালয়, বাছ ষ্টপ আৰু ক্ৰীড়া স্থানত চিগাৰেট খোৱাৰ শাস্তি থাকিব।
তেওঁ কয় যে এই নিষেধাজ্ঞা বলবৎ কৰাৰ বাবে আৰক্ষী দায়বদ্ধ হ’ব।মন্ত্ৰীগৰাকীয়ে এই স্থানসমূহত চিগাৰেট খোৱাৰ ওপৰত নিষেধাজ্ঞাৰ নিয়ম মানুহে নিজেই মানি চলিব বুলি আশা প্ৰকাশ কৰে।অৱশ্যে কেফে আৰু বাৰৰ বাহিৰৰ অঞ্চলত ধূমপানৰ অনুমতি থাকিব।
ফ্ৰান্সৰ এখন স্থানীয় বাতৰি কাকতৰ সৈতে হোৱা কথা-বতৰাত ফ্ৰান্সৰ মন্ত্ৰীগৰাকীয়ে কয় যে ‘শিশু থকা ঠাইৰ পৰা ধঁপাত সম্পূৰ্ণৰূপে নাইকিয়া কৰিব লাগে।
ফ্ৰান্সৰ মন্ত্ৰীগৰাকীয়ে কয় যে ‘শিশু থকা ঠাইৰ পৰা ধঁপাত সম্পূৰ্ণৰূপে নাইকিয়া কৰিব লাগে । শিশুৱে বিশুদ্ধ বতাহ উশাহ লোৱাৰ কথা আহিলে চিগাৰেট কৰাৰ স্বাধীনতাৰ অন্ত পৰিব ।’
এই নিষেধাজ্ঞাৰ কথা কওঁতে ফ্ৰান্সৰ মন্ত্ৰীগৰাকীয়ে কয় যে যদি কোনোবাই ধূমপান নিষেধাজ্ঞাৰ নিয়ম উলংঘা কৰে তেন্তে তেওঁক ১৫৩ ডলাৰ (১৩ হাজাৰ টকা) জৰিমনা বিহা হ’ব।
লগতে পঢ়ক: বলীউডত প্ৰৱেশ অনন্যা পাণ্ডেৰ ভাতৃ আহানৰ; মুকলি হ’ল টিজাৰ