ৰাষ্ট্ৰপতি মেক্ৰনৰ বিৰুদ্ধে শ শ লোকৰ প্ৰতিবাদ
নেপালৰ পিছত এতিয়া ফ্ৰান্সৰ ৰাজপথত ভয়ংকৰ প্ৰতিবাদ আৰম্ভ হৈছে।ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে শ শ লোক।
ক্ষুব্ধ ৰাইজে ৰাজহুৱা সম্পত্তিত অগ্নিসংযোগ কৰাৰ লগতে ধ্বংস কৰাৰো আৰম্ভ কৰিছে।ফ্ৰান্সত এই হিংসা তেতিয়া বিয়পি পৰিছিল যেতিয়া মেক্ৰনে দেশৰ নতুন প্ৰধানমন্ত্ৰী ঘোষণা কৰিছিল।ইয়াৰ ফলত এক বৃহৎ হুলস্থুলৰ সৃষ্টি হয়।
ফ্ৰান্সৰ আভ্যন্তৰীণ মন্ত্ৰীয়ে কয় যে সমগ্ৰ দেশতে হোৱা এই প্ৰতিবাদৰ প্ৰথম কেইঘণ্টামানৰ ভিতৰতে প্ৰায় ২০০ লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
প্ৰতিবাদকাৰীয়ে বুধবাৰে পেৰিছ আৰু ফ্ৰান্সৰ অন্যান্য অঞ্চলত পথ অৱৰোধ কৰাৰ লগতে অগ্নিসংযোগ কৰে।আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰে।
তেওঁলোকে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছিল।যাতে তেওঁ নিযুক্তি দিয়া নতুন প্ৰধানমন্ত্ৰীক “জুইৰ উপহাৰ” দিব পাৰে।
ফ্ৰান্সৰ ৰাজপথত কমেও ৮০ হাজাৰ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।ইয়াৰ পিছতো আন্দোলনে এক ভয়াৱহ ৰূপ ধাৰণ কৰে। প্ৰথমে এই আন্দোলনটো অনলাইনযোগে আৰম্ভ হৈছিল আৰু দ্ৰুতগতিত বিয়পি পৰিছিল।
ইয়াৰ ফলত সমগ্ৰ দেশতে ব্যাপক বিশৃংখলতাৰ সৃষ্টি হয় আৰু ৮০ হাজাৰ আৰক্ষীৰ অসাধাৰণ নিয়োগক প্ৰত্যাহ্বান জনায়।কেইবাঠাইতো ৰাইজে বেৰিকেড আঁতৰাই পেলায়। ইয়াৰ পিছতে আৰক্ষীয়ে ২০০ লোকক গ্ৰেপ্তাৰ কৰে।
লগতে পঢ়ক: প্ৰতিবাদত উত্তাল নেপালত ভয়াৱহ পৰিস্থিতি… প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ পদত্যাগ