প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু সোৰেনৰ দেহাৱসান
ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু সোৰেন আৰু নাই। ঝাৰখণ্ডৰ ‘গুৰুজী’ বা ‘দিশোম গুৰু’ নামেৰে বিখ্যাত শিবু ছ’ৰেনৰ আজি পৰলোকপ্ৰাপ্তি ঘটে।
দিল্লীৰ গংগাৰাম হাস্পতালত আজি পুৱা ৮.৫৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে শিবু ছ’ৰেনে।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ।কিডনী সম্পৰ্কীয় সমস্যাত ভুগি আছিল তেওঁ।
প্ৰায় ডেৰ মাহ পূৰ্বেও প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ষ্ট্ৰোক হৈছিল আৰু প্ৰায় এমাহ ধৰি লাইফ চাপৰ্টত আছিল।তেওঁৰ মৃত্যুত ঝাৰখণ্ডকে ধৰি সমগ্ৰ দেশতে শোকৰ ছাপ পৰিছে।
জেএমএম অৰ্থাৎ ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰতিষ্ঠাপক আৰু পৃথক ঝাৰখণ্ড আন্দোলনৰ নেতা আছিল শিবু।ঝাৰখণ্ডৰ ‘দিশোম গুৰু’ শিবু ছ’ৰেনৰ অৱসান এক প্ৰকাৰে ঝাৰখণ্ডৰ ৰাজনীতিৰ এটা যুগৰ অন্ত হয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।শিবু ছ’ৰেনৰ পুত্ৰ মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনৰ সৈতেও ফোনযোগে কথা পাতিছিল।
শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে X ত লিখিছে, ”জনসাধাৰণৰ প্ৰতি অদম্য সমৰ্পণেৰে জনজীৱনত উত্থাপিত হোৱা তৃণমূল পৰ্যায়ৰ নেতা আছিল শিবু ছ’ৰেন জী”।
” বিশেষকৈ জনজাতীয় জনগোষ্ঠী, দৰিদ্ৰ আৰু অভাৱগ্ৰস্ত লোকসকলক সবলীকৰণৰ বাবে তেওঁ দায়বদ্ধ আছিল। তেওঁৰ মৃত্যু অতি দুখজনক”।
” তেখেতৰ পৰিয়াল আৰু অনুৰাগীলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন জীৰ সৈতে কথা পাতি শোক প্ৰকাশ কৰিছো। ওম শান্তি।”
লগতে পঢ়ক: তেজস্বী যাদৱৰ বাঢ়িছে বিপদ; নিৰ্বাচন আয়োগে জাৰি কৰিলে জাননী