বিপদত প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনা
ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনাই বুধবাৰে বলবৎকাৰী সঞ্চালকালয়ৰ সন্মুখত হাজিৰ হয় । এটা বিখ্যাত অনলাইন বেটিং এপ ৰ সৈতে জড়িত ধন সৰবৰাহৰ অভিযোগত ই ডিয়ে তলব কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক । সংস্থাটোৱে ৰাইনাক চমন জাৰি কৰিছিল, তাৰ পিছত তেওঁ দিল্লীস্থ ই ডিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ নিজৰ বক্তব্য লিপিবদ্ধ কৰে ।
সংস্থাটোৰ মতে, সুৰেশ ৰাইনাৰ কিছু বিজ্ঞাপন আৰু এণ্ডাৰছমেণ্টৰ বাবেই এই গোচৰৰ সৈতে তেওঁৰ নাম জড়িত হৈ আছে । ইডিৰ দলটোৱে ৰাইনাক এপটোৰ সৈতে তেওঁৰ সম্পৰ্ক, এণ্ডাৰছমেণ্ট চুক্তি আৰু যিকোনো বিত্তীয় লেনদেনৰ সম্পূৰ্ণ বিৱৰণ বিচাৰিছিল । ধন সৰবৰাহ প্ৰতিৰোধ আইনৰ অধীনত এই তদন্ত কৰা হৈছিল ।
উল্লেখ্য যে, সুৰেশ ৰাইনাৰ উপৰিও এই অবৈধ অনলাইন বেটিং আৰু গেমিং এপসমূহৰ প্ৰচাৰৰ সৈতে জড়িত গোচৰসমূহত আন বহু চেলিব্ৰিটিৰ নামো পোহৰলৈ আহিছে । ইডিৰ তদন্তৰ পৰিসৰ ধন সৰবৰাহ আৰু কেইবা কোটি টকাৰ কৰ ফাঁকিলৈকে বিস্তৃত । তদন্তকাৰী সংস্থাটোৱে এই প্লেটফৰ্মসমূহৰ প্ৰমোটাৰ আৰু ইয়াৰ সৈতে জড়িত সকলো লোকক লৈ প্ৰশ্ন উত্থাপন কৰিছে ।
ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম গুৰুত্বপূৰ্ণ খেলুৱৈ আছিল সুৰেশ ৰাইনা । অৱশ্যে ৰাইনাৰ বিৰুদ্ধে কোনো প্ৰত্যক্ষ অপৰাধমূলক গোচৰ ৰুজু হৈছে নে কেৱল তথ্যৰ বাবে জেৰা কৰা হৈছে সেয়া এই মুহূৰ্তত ইডিয়ে স্পষ্ট কৰা নাই ।
লগতে পঢ়ক : ৰোহিত শৰ্মাৰ অধিনায়কত্বত ‘গ্ৰহণ’! ODI টো দায়িত্ব ল’ব নেকি শুভমান গিলে?