সুৰেশ ৰাইনা আৰু শিখৰ ধৱনৰ বিৰুদ্ধে ইডিৰ এক্সন; ১১.১৪ কোটি টকাৰ সম্পত্তি জব্দ

সুৰেশ ৰাইনা আৰু শিখৰ ধৱনৰ বিৰুদ্ধে ইডিৰ এক্সন

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনা আৰু শিখৰ ধৱনৰ বৃদ্ধি পাইছে সমস্যা ।বৃহস্পতিবাৰে ইডি এ বেটিং এপ গোচৰত ব্যৱস্থা গ্ৰহণ কৰি দুয়োটাৰে ১১.১৪ কোটি টকাৰ সম্পত্তি জব্দ কৰে।

সূত্ৰটোৱে জনোৱা মতে, অনলাইন বেটিং চাইট ১এক্সবেটৰ বিৰুদ্ধে হোৱা গোচৰত ধৱনৰ ৪.৫ কোটি টকাৰ স্থাৱৰ সম্পত্তি আৰু ৰাইনাৰ ৬.৬৪ কোটি টকাৰ মিউচুৱেল ফাণ্ড জব্দ কৰিবলৈ অস্থায়ী নিৰ্দেশ জাৰি কৰা হৈছে।

দুয়োজন প্ৰাক্তন ক্ৰিকেটাৰে জানি-বুজি বিদেশী সত্তাৰ সৈতে বিজ্ঞাপনৰ চুক্তি কৰি ১এক্সবেট আৰু ইয়াৰ চেৰ’গেটসকলক প্ৰচাৰ কৰিছিল।

শেহতীয়াকৈ ইডি এ প্ৰাক্তন ক্ৰিকেটাৰ দুয়োগৰাকীয়ে জেৰা কৰি তেওঁলোকৰ বক্তব্য লিপিবদ্ধ কৰা হৈছিল।

লগতে পঢ়ক: ইণ্ডিয়া এ দলত অসম সন্তান ৰিয়ান পৰাগ

বিপদত প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনা… বেটিং এপ গোচৰ সন্দৰ্ভত EDৰ তলব

বিপদত প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনা

ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনাই বুধবাৰে বলবৎকাৰী সঞ্চালকালয়ৰ সন্মুখত হাজিৰ হয় । এটা বিখ্যাত অনলাইন বেটিং এপ ৰ সৈতে জড়িত ধন সৰবৰাহৰ অভিযোগত ই ডিয়ে তলব কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক । সংস্থাটোৱে ৰাইনাক চমন জাৰি কৰিছিল, তাৰ পিছত তেওঁ দিল্লীস্থ ই ডিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ নিজৰ বক্তব্য লিপিবদ্ধ কৰে ।

সংস্থাটোৰ মতে, সুৰেশ ৰাইনাৰ কিছু বিজ্ঞাপন আৰু এণ্ডাৰছমেণ্টৰ বাবেই এই গোচৰৰ সৈতে তেওঁৰ নাম জড়িত হৈ আছে । ইডিৰ দলটোৱে ৰাইনাক এপটোৰ সৈতে তেওঁৰ সম্পৰ্ক, এণ্ডাৰছমেণ্ট চুক্তি আৰু যিকোনো বিত্তীয় লেনদেনৰ সম্পূৰ্ণ বিৱৰণ বিচাৰিছিল । ধন সৰবৰাহ প্ৰতিৰোধ আইনৰ অধীনত এই তদন্ত কৰা হৈছিল ।

উল্লেখ্য যে, সুৰেশ ৰাইনাৰ উপৰিও এই অবৈধ অনলাইন বেটিং আৰু গেমিং এপসমূহৰ প্ৰচাৰৰ সৈতে জড়িত গোচৰসমূহত আন বহু চেলিব্ৰিটিৰ নামো পোহৰলৈ আহিছে । ইডিৰ তদন্তৰ পৰিসৰ ধন সৰবৰাহ আৰু কেইবা কোটি টকাৰ কৰ ফাঁকিলৈকে বিস্তৃত । তদন্তকাৰী সংস্থাটোৱে এই প্লেটফৰ্মসমূহৰ প্ৰমোটাৰ আৰু ইয়াৰ সৈতে জড়িত সকলো লোকক লৈ প্ৰশ্ন উত্থাপন কৰিছে ।

ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম গুৰুত্বপূৰ্ণ খেলুৱৈ আছিল সুৰেশ ৰাইনা । অৱশ্যে ৰাইনাৰ বিৰুদ্ধে কোনো প্ৰত্যক্ষ অপৰাধমূলক গোচৰ ৰুজু হৈছে নে কেৱল তথ্যৰ বাবে জেৰা কৰা হৈছে সেয়া এই মুহূৰ্তত ইডিয়ে স্পষ্ট কৰা নাই ।

লগতে পঢ়ক : ৰোহিত শৰ্মাৰ অধিনায়কত্বত ‘গ্ৰহণ’! ODI টো দায়িত্ব ল’ব নেকি শুভমান গিলে?

ক্ৰিকেট খেলপথাৰৰ পৰা ৰূপালী পৰ্দালৈ… এইবাৰ অভিনয় জগতত প্ৰৱেশৰ বাবে সাজু এইগৰাকী ক্ৰিকেটাৰ

ক্ৰিকেট খেলপথাৰৰ পৰা ৰূপালী পৰ্দালৈ

ক্ৰিকেট আৰু চিনেমাৰ সম্পৰ্ক যথেষ্ট পুৰণি । চিনেমাত ক্ৰিকেট দেখুৱাই হওক বা ক্ৰিকেটত চলচ্চিত্ৰ তাৰকাৰ মিলনেই হওক । এতিয়া এই মিলন পুনৰ হ’বলৈ গৈ আছে । ক্ৰিকেটাৰ সুৰেশ ৰাইনাক এইবাৰ ৰূপালী পৰ্দাত অভিনয় কৰা দেখা যাব । তামিল উদ্যোগৰ এখন নাম ঠিক নোহোৱা ছবিৰে তেওঁ অভিষেক ঘটাব, যাৰ আভাস শেহতীয়াকৈ দেখুওৱা হৈছে ।

খেলপথাৰৰ পিছত ৰূপালী পৰ্দাত সুৰেশ ৰাইনা-

‘ড্ৰিম নাইট ষ্ট’ৰীজ’ৰ দ্বাৰা প্ৰযোজিত প্ৰথমখন ছবিত অভিনয় কৰা দেখা যাব সুৰেশ ৰাইনাক, যাৰ আভাস ইনষ্টাগ্ৰামত অনুৰাগীৰ সৈতে নিজেই নিৰ্মাতাসকলে শ্বেয়াৰ কৰিছে । এই টিজাৰত ষ্টেডিয়ামত অনুৰাগীৰ উল্লাস আৰু উদযাপনৰ সৈতে ৰাইনাক চিনাকি কৰাই দিয়া হৈছে । ইয়াৰ পিছত ছবিখনত অভিনেতা হিচাপে তেওঁৰ প্ৰৱেশৰ কথা ঘোষণা কৰা হৈছে । শেষত ছবিখনৰ শিৰোনাম দেখুওৱা হৈছে যিখন বৰ্তমান ‘প্ৰডাকচন ১’ হিচাপে ৰখা হৈছে ।

তামিলনাডুৰ লোকে ৰাইনাক মৰমেৰে ‘চিন্নাথলা’ অৰ্থাৎ সৰু ভাই বুলি কয় । পূৰ্বে তেওঁ আই পি এল দল চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিছিল । এই টিজাৰটোতো তেওঁক একে ষ্টাইলতে চিনাকি কৰাই দিয়া হৈছে । তেওঁৰ ছবিখনৰ পৰিচালনা কৰিছে লগানে যিয়ে ইয়াৰ পূৰ্বে ‘মান কাৰাটে’, ‘ৰেমো’ আৰু ‘গেথু’ৰ দৰে বহু উৎকৃষ্ট তামিল ছবিৰ অংশ হিচাপে কাম কৰিছিল ।

ৰাইনাও ছবিখনৰ সৈতে জড়িত হৈ অতিশয় উৎসাহিত হৈ পৰিছে । ছবিখনত যোগদান কৰাৰ সময়ত তেওঁ এক্স (পূৰ্বৰ টুইটাৰ)ত লিখিছে, ‘খেলপথাৰৰ পৰা কলিউডৰ ফ্ৰেমলৈকে চেন্নাইৰ আত্মাক মই লগত লৈ আহিছো । এই নতুন যাত্ৰাৰ অংশ হ’বলৈ পাই মই গৌৰৱান্বিত ।’

লগতে পঢ়ক : এখন টেষ্ট মেচতে ১০০০+ ৰান সংগ্ৰহ টীম ইণ্ডিয়াৰ; বিশ্বৰ পঞ্চমখন দেশ ভাৰত