ভাৰতীয় দলত ৰিয়ান পৰাগ
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ভাৰত এ আৰু দক্ষিণ আফ্ৰিকা এৰ মাজত তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰিছে । তিলক বাৰ্মাক ভাৰতীয় এ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । ৰুতুৰাজ গাইকোৱাদে উপ-অধিনায়ক হিচাপে দায়িত্ব পালন কৰিব । ঈশান কিষানকো এই দলত অন্তৰ্ভুক্ত কৰা হৈছে । এই ছিৰিজত ফাষ্ট বলাৰ অৰ্শদীপ সিঙকো খেলা দেখা যাব ।
ইফালে ইণ্ডিয়া এ দলত স্থান লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগে । ইণ্ডিয়া এ আৰু দক্ষিণ আফ্ৰিকা এৰ মাজত তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ ১৩ নৱেম্বৰত, দ্বিতীয়খন ১৬ নৱেম্বৰত আৰু তৃতীয়খন ১৯ নৱেম্বৰত অনুষ্ঠিত হ’ব । তিনিওখন খেল ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । তিনিওখন মেচ দিবা-নৈশ ফৰ্মেটত অনুষ্ঠিত হ’ব ।
ইণ্ডিয়া এ দল :
তিলক বাৰ্মা (অধিনায়ক), ৰুতুৰাজ গাইকৱাদ (সহ-অধিনায়ক), অভিষেক শৰ্মা, ৰিয়ান পৰাগ, ঈশান কিষাণ (উইকেটকীপাৰ), আয়ুষ বদোনি, নিশান্ত সিন্ধু, বিপ্ৰজ নিগম, মানৱ সুথাৰ, হৰ্ষিত ৰানা, অৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণ, খলিল আহমেদ, প্ৰভসিমৰণ সিং (উইকেটকীপাৰ)।
লগতে পঢ়ক : বিশ্বজয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সৈতে কি কথা পাতিলে প্ৰধানমন্ত্ৰী মোদীয়ে ?









