মানসিক শান্তি পাবলৈ ব্যস্ত জীৱনত নিতৌ কৰক ধ্যান;
এই ব্যস্ত জীৱনত প্ৰতিজন ব্যক্তিয়ে মানসিক শান্তি বিচাৰিছে।মানসিক চাপ আৰু কোলাহলৰ বাবে প্ৰতিজন ব্যক্তিয়ে কোনোবা নহয় কোনোবা মানসিক সমস্যাত ভুগি আছে।
এনে পৰিস্থিতিত ধ্যান-ধাৰণা মানসিক শান্তি লাভৰ ক্ষেত্ৰত অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে।দৈনন্দিন জীৱনত ধ্যান-ধাৰণাক অন্তৰ্ভুক্ত কৰিলে শান্তি আৰু ভাৰসাম্যতা আহিব পাৰে।
ধ্যান কেৱল নিৰৱে আৰু স্থিৰ হৈ বহি থকাই নহয়, ই হৈছে সচেতনতা, শান্তি আৰু গভীৰ আভ্যন্তৰীণ সংযোগৰ অভ্যাস।
মন, শৰীৰ আৰু আত্মাক একেলগে বান্ধি ৰখাৰ বাবে ই এক ফলপ্ৰসূ মাধ্যম, যাৰ ফলত জীৱনটো সতেজ আৰু ভাৰসাম্যপূৰ্ণ হৈ পৰে। আজিৰ পৰিবেশত ধ্যান-ধাৰণাৰ অনুশীলনে আৰু অধিক বিশেষ গুৰুত্ব লাভ কৰিছে।
ধ্যান-ধাৰণাই কেৱল মানসিক স্বাস্থ্যৰ উন্নতি কৰাই নহয়, ই শাৰীৰিক আৰু আৱেগিক ভাৰসাম্যও বৃদ্ধি কৰে।মানসিক চাপ, উদ্বেগ আৰু হতাশা হ্ৰাস কৰাত সহায়ক আৰু আত্মবিশ্বাস বৃদ্ধি কৰে।
বিশেষজ্ঞসকলে ধ্যান কৰাৰ এটা সহজ উপায় কৈছে। কোনো নিস্তব্ধ ঠাইত সুখাসন, পদ্মাসন বা আন যিকোনো আৰামদায়ক ভংগীমাত বহি ল’ব।
মেৰুদণ্ড পোন ৰাখি উৰুৰ ওপৰত জ্ঞান মুদ্ৰাত (বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিৰ সংযোগ) হাত দুখন ৰাখক।লাহে লাহে চকু দুটা মুদি মূৰটো এনেদৰে হেলনীয়া কৰক যাতে মূৰৰ ওপৰ অংশ ডিঙিৰ লগত মিলাই থাকে।
স্বাভাৱিকভাৱে উশাহ লওক আৰু উশাহৰ গতিবিধিৰ ওপৰত মনোনিৱেশ কৰক। উশাহ লোৱা আৰু এৰি দিয়া প্ৰক্ৰিয়াটো অনুভৱ কৰক।
কমেও পাঁচ মিনিট এই অৱস্থাত থাকিব। লাহে লাহে ফোকাচটো পুনৰ উশাহলৈ আৰু তাৰ পিছত চৌপাশলৈ আনিব। চকু মেলি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহক।
এই ধ্যানে মন আৰু শৰীৰ শান্ত ৰাখে। ই মানসিক চাপ কমায়, একাগ্ৰতা বৃদ্ধি কৰে, টোপনিৰ মান উন্নত কৰে আৰু আৱেগিক স্থিৰতা প্ৰদান কৰে।
(ইয়াত দিয়া পৰামৰ্শ সমূহ সাধাৰণ তথ্যৰ বাবেহে। স্বাস্থ্যৰ লগত জড়িত যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)
লগতে পঢ়ক: আপোনাৰ দাঁত হৈছে নেকি হালধীয়া? হালধিৰে কৰক এই কাম