পাকিস্তানত প্ৰকৃতিৰ বিভীষিকা
পাকিস্তানত এতিয়া প্ৰকৃতিৰ বিভীষিকা । পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাত বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । কেইবাদিনো ধৰি হোৱা প্ৰচণ্ড বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনে এতিয়ালৈকে অঞ্চলটোত ৩০০ৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিছে ।
প্ৰাদেশিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা প্ৰতিবেদনত কোৱা হৈছে যে এই বানত ৩০৭ জন লোকৰ মৃত্যু হৈছে, ইয়াৰে বুনাৰত কমেও ১৮৪ জন লোকৰ মৃত্যু হৈছে । শ্বাংলাত ৩৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে মানছেহৰাত ২৩ জন, শ্বাটত ২২ জন, বাজাউৰত ২১ জন, বট্টাগ্ৰামত ১৫ জন, ল’ৱাৰ ডিৰত ৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে এবটাবাদত এটি শিশুৰ পানীত পৰি মৃত্যু হয় ।
শুকুৰবাৰে হোৱা ভয়াৱহ বানপানীয়ে পথ, দলং, অট্টালিকা, বিদ্যুৎ সংযোগকে ধৰি আন্তঃগাঁথনিৰ ভয়াৱহ ক্ষতিসাধন কৰিছে । ডনে প্ৰকাশ কৰা অনুসৰি বানপানীৰ সময়ত নিৰুদ্দেশ হোৱা লোকৰ সংখ্যা পানী হ্ৰাস পোৱাৰ পিছতহে জানিব পৰা যাব বুলি বিষয়াসকলে কয় ।
পি ডি এম এই ক্ষয়-ক্ষতিৰ মূল্যায়ন অব্যাহত ৰাখি কয় যে ৭টা ঘৰ ধ্বংস হোৱাৰ লগতে ৩৮টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে, বেছিভাগেই শ্বাট জিলাত । পি ডি এম এই আৰু কয় যে তিনিখন বিদ্যালয় ধ্বংস হোৱাৰ লগতে আন তিনিখন বিদ্যালয়ৰ ক্ষতিসাধন হৈছে । ডনে প্ৰকাশ কৰা অনুসৰি ২১ আগষ্টলৈকে প্ৰদেশখনৰ বিভিন্ন ঠাইত বৰষুণ অব্যাহত থাকিব বুলি কৰ্তৃপক্ষই সকীয়াই দিছে ।
ইফালে বানপানী অহাৰ পিছত বুনেৰ জিলাৰ উদ্ধাৰকাৰী দলে ৩০০ স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে ধৰি আৱদ্ধ হৈ থকা ২০৭১ জন লোকক সুৰক্ষিত স্থানলৈ উদ্ধাৰ কৰে । লগতে দুৰ্যোগপীড়িত অঞ্চলসমূহত উদ্ধাৰ অভিযান চলি থকাৰ বাবে সমগ্ৰ জিলাখনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে । আনহাতে এবটাবাদ চহৰখন বানত বেয়াকৈ প্ৰভাৱিত হৈছে, প্ৰায় সকলো মূল পথ ডুব গৈছে ।
লগতে পঢ়ক : সমাধান নোলাল ইউক্ৰেইন যুদ্ধৰ… তিনি ঘন্টা ধৰি চলিল ট্ৰাম্প-পুটিনৰ ৰুদ্ধদ্বাৰ বৈঠকৰ