পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু ভাৰতৰ প্ৰতিশোধমূলক অপাৰেচন সিন্দুৰৰ পিছত পুনৰবাৰ পাকিস্তানৰ বিৰুদ্ধে জল আক্ৰমণ আৰম্ভ হৈছে । শনিবাৰে পুৱা ভাৰতে কূটনৈতিক আৰু সামৰিক হেঁচা বজাই ৰখাৰ লগতে চেনাব নদীৰ ওপৰত নিৰ্মিত ছালাল বান্ধৰ পাঁচখন গেট খুলি দিয়ে । ইয়াৰ বাবে পাকিস্তানত বানৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে ।
পুৱা ৬:১৫ বজাত জম্মু সংমণ্ডলৰ ৰিয়াছি জিলাত অৱস্থিত ছালাল বান্ধৰ পৰা পানী এৰি দিয়া হয় । দুদিন পূৰ্বেও বাগলীহাৰ বান্ধৰ দুখন গেট আৰু ছালাল বান্ধৰ তিনিখন গেট মুকলি কৰা হৈছিল । পানী এৰি দিয়াৰ পিছত শনিবাৰে চেনাবৰ পানীৰ স্তৰ ৰিয়াছি, তালৱাৰা, কানচিপট্টা, জে ডি, ডেৰা বাবাৰ তলৰ অঞ্চলৰ পৰা আখনূৰৰ গ্ৰাম্য অঞ্চললৈকে ২২ ফুটৰ ওপৰলৈ উঠি যায় ।
Post Views: 53