জুবিন গাৰ্গ বিহীন প্ৰথমটো পুৱা…
অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ বিহীন প্ৰথমটো পুৱা। নিশা উজাগৰে থাকিল সমগ্ৰ ৰাজ্যবাসী।ওৰে নিশা শুব নোৱাৰিলে ৰাজ্যবাসীয়ে। বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ মৃত্যুত অজস্ৰ গুণমুগ্ধই শোকত ভাগি পৰিছে।
অনামিকাৰ পৰা আৰম্ভ হোৱা জুবিনৰ সুৰীয়া যাত্ৰা স্তব্ধ হ’ল ছিংগাপুৰত।উৰে নিশা জুবিন গাৰ্গৰ কাহিলীপাৰা বাসগৃহত তেওঁৰ অগণন অনুৰাগী বহি থাকিল। প্ৰতিজনে চিঞৰিলে ‘জুবিন দা অমৰ হওক’।
নিশা চৌদিশে বাজি থাকিল জুবিনৰ গান।পত্নী গৰিমা শইকীয়া গাৰ্গৰ কপাল উকা কৰি অজান দেশলৈ গুচি গ’ল জুবিন।
আজি বিয়লি ছিংগাপুৰৰ পৰা লৈ অনাৰ বাবে চেষ্টা কৰা হ’ব জুবিনৰ নশ্বৰ দেহ ।প্ৰথমে ছিংগাপুৰৰ পৰা দিল্লীলৈ আৰু তাৰ পিছত দিল্লীৰ পৰা গুৱাহাটীলৈ অনা হ’ব ৰাইজৰ প্ৰাণৰ শিল্পীগৰাকীৰ নশ্বৰ দেহ।
মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰা মতে সৰুসজাইত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হ’ব নশ্বৰ দেহ। প্ৰিয় শিল্পীৰ বিয়োগত শোকস্তব্ধ সমগ্ৰ ৰাজ্য।
জুবিন গাৰ্গৰ মৃত্যুৱে জোকাৰি গ’ল তঞ্জানিয়াৰ শিল্পীৰ কিলি পলৰ মন। সামাজিক মাধ্যমত এটা ভিডিঅ’ৰ জৰিয়তে প্ৰকাশ কৰিলে শোক।
লগতে পঢ়ক: কাইলৈ স্বগৃহলৈ অনা হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ…