ঘিউৰ বাবে হ’ব পাৰে স্বাস্থ্যৰ ক্ষতি!
ঘিউ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।ঘিউত বহু ধৰণৰ ভিটামিন আৰু খনিজ পদাৰ্থ থাকে যিবোৰ আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ।
আমি প্ৰায়ে ঘিউ দালি, ৰোটি, খিচড়ি বা ভাত দি খাওঁ বা তাৰ পৰা তৈয়াৰী ব্যঞ্জন খাওঁ।কিন্তু কেতিয়াবা এই ঘিউৰ অতিমাত্ৰা সেৱনে স্বাস্থ্যৰ ক্ষতিও কৰিব পাৰে। কিছুমান ৰোগত ঘিউ খোৱাটোয়ে স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াব পাৰে।
পাচন শক্তি দুৰ্বল লোকে ঘিউ খোৱাৰ পৰা আঁতৰি থাকিব লাগে। ইয়াৰ ফলত আপোনাৰ পেট ফুলা, বমি, বদহজমৰ দৰে সমস্যা হ’ব পাৰে।
ঘিউত অধিক কেলৰি থাকে আৰু সেয়েহে ঘিউ বেছিকৈ খালে ওজন বৃদ্ধি হ’ব পাৰে। মেদবহুলতাই আন আন ৰোগ যেনে উচ্চ ৰক্তচাপ, ডায়েবেটিছ আৰু হৃদৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰে। মেদবহুলতাত আক্ৰান্ত ব্যক্তিয়ে সীমিত পৰিমাণত ঘিউ সেৱন কৰিব লাগে।
কিছুমান মানুহৰ গাখীৰৰ সামগ্ৰীৰ প্ৰতি এলাৰ্জি হ’ব পাৰে, যাৰ ফলত ঘিউ সেৱন কৰিলে ছালৰ সমস্যা হ’ব পাৰে।
(ইয়াত পৰামৰ্শকে ধৰি কেৱল সাধাৰণ তথ্যহে প্ৰদান কৰে। ই কোনো কাৰণতে যোগ্য চিকিৎসা মতামতৰ বিকল্প নহয়। অধিক তথ্যৰ বাবে সদায় বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ লওক।)
লগতে পঢ়ক: পুনৰ ভয়াৱহ হৈ পৰিছে ক’ভিড ১৯; চৰ্দি,কাহ হৈছে যদি তৎক্ষণাত সাৱধান হওক