১ কোটি টকাৰ পুৰস্কাৰ থকা নক্সাল সেনাপতি বালকৃষ্ণক হত্যা
ছত্তীশগড় জিলাৰ গৰিয়াবন্দত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ হোৱাৰ খবৰ আহিছে।নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছে ১০ জন নক্সালবাদী।
নিহত নক্সালবাদীসকলৰ ভিতৰত আছে জ্যেষ্ঠ নক্সাল সেনাপতি মনোজ ওৰফে মডেম বালকৃষ্ণ। কোৱা হৈছে যে নক্সাল কমাণ্ডাৰ মনোজ ওৰফে মডেম বালকৃষ্ণৰ ওপৰত ১ কোটি টকাৰ পুৰস্কাৰ আছিল।
ৰায়পুৰ অঞ্চলৰ আৰক্ষী মহাপৰিদৰ্শক অমৰেশ মিশ্ৰই এই সংঘৰ্ষটো নিশ্চিত কৰিছে কিন্তু তেওঁ অধিক সবিশেষ দিবলৈ অস্বীকাৰ কৰিছে।
তেওঁ কয় গৰিয়াবন্দ জিলাৰ মইনপুৰ অঞ্চলত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত এক সংঘৰ্ষ হৈছে। মিশ্ৰই কয় যে মইনপুৰ অঞ্চলৰ বনাঞ্চলত নক্সালবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ লগে লগে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ কোব্ৰা বেটেলিয়ন,বিশেষ টাস্ক ফ’ৰ্চ (এছটিএফ) আৰু জিলা বাহিনীৰ যৌথ দল নক্সাল বিৰোধী অভিযানৰ বাবে প্ৰেৰণ কৰা হয়।
এই এনকাউণ্টাৰত নিহত হোৱা নক্সালবাদী সেনাপতি মনোজ ওৰফে মডেম বালকৃষ্ণ আছিল নক্সালবাদী সংগঠনটোৰ এজন ডাঙৰ নেতা।তেওঁৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অপৰাধৰ অভিযোগ উত্থাপন হৈছিল।
লগতে পঢ়ক: আমেৰিকাত সন্ত্ৰাসবাদী আক্ৰমণৰ ২৪ বছৰ… সমগ্ৰ দেশতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান