পাটনাৰ পৰা দিল্লীলৈ অহা ইণ্ডিগো বিমানৰ জৰুৰী অৱতৰণ
বিহাৰৰ পাটনাৰ পৰা দিল্লী অভিমুখে অহা ইণ্ডিগো বিমানৰ জৰুৰীকালীন অৱতৰণ । চৰাইৰ খুন্দাত বিমানখনে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয় । এই বিমানখনত আছিল ১৬৯ জন যাত্ৰী ।
পাটনাৰ জয়প্ৰকাশ নাৰায়ণ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নিৰাপদে অৱতৰণ কৰে বিমানখন । ইণ্ডিগোৰ বিমান নম্বৰ ৬E৫০০৯ পাটনাৰ পৰা দিল্লীলৈ আহি আছিল । সম্প্ৰতি বিমানখন মেৰামতিৰ প্ৰচেষ্টা অব্যাহত আছে ।
পাটনা বিমানবন্দৰৰ সঞ্চালকে কয় যে সকলো যাত্ৰী সুৰক্ষিত অৱস্থাত আছে । উৰণৰ কিছু সময়ৰ পিছতে বিমানখন নিৰাপদে অৱতৰণ কৰোৱা হয় । যাত্ৰীসকলৰ বাবে বিকল্প ব্যৱস্থা কৰা হ’ব বুলি জনাইছে বিমান সংস্থাটোৱে ।
পাটনা বিমানবন্দৰে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে স্থানীয় সময় অনুসৰি পুৱা ৮.৪২ বজাত পাটনাৰ পৰা দিল্লী অভিমুখী বিমান IG05009 বিমানখনে উৰা মাৰিছিল যদিও উৰণৰ কিছু সময়ৰ পিছতে বিমানখনত এটা চৰায়ে খুন্দা মাৰে । তদন্তৰ সময়ত ৰাণৱেত উদ্ধাৰ হৈছে এটা মৃত চৰাইৰ অৱশিষ্ট । বিমানখনৰ এটা ইঞ্জিনত কম্পনৰ বাবে বিমানখনক পাটনালৈ উভতি যাবলৈ কোৱা হয় । অৱশ্যে ৰাণৱেত নিৰাপদে অৱতৰণ কৰে বিমানখনে । বৰ্তমান সকলো যাত্ৰী সুৰক্ষিত অৱস্থাত আছে ।
লগতে পঢ়ক : ‘যিকোনো সময়তে আৰম্ভ হ’ব পাৰে তৃতীয় বিশ্বযুদ্ধ’;পাকিস্তানৰ বিৰুদ্ধে নীতিন গাডকাৰীৰ ডাঙৰ বক্তব্য