ভূমিকম্পৰ প্ৰচণ্ড কম্পনত কঁপি উঠিল আৰ্জেণ্টিনাৰ ভূমি ।ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৭.৪ প্ৰাবল্য বুলি জানিব পৰা গৈছে।ভূমিকম্পৰ তীব্ৰতা বিবেচনা কৰি ছুনামীৰ সতৰ্কবাণীও জাৰি কৰা হৈছে।
ভূমিকম্পৰ প্ৰৱল কম্পনে আৰ্জেণ্টিনাবাসীৰ মাজত আতংকৰ সৃষ্টি কৰিছিল।ভূমিকম্পৰ জোকাৰণিৰ লগ লগে ঘৰৰ পৰা ওলাই আহি মুকলি আকাশৰ ফালে দৌৰিছিল লোকসকল।
আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি,দক্ষিণ আৰ্জেণ্টিনাৰ উছুৱায়াৰ পৰা ২১৯ কিলোমিটাৰ দক্ষিণে অৱস্থিত ড্ৰেক পেচেজত এই ভূমিকম্পৰ অভিকেন্দ্ৰ বুলি জানিব পৰা গৈছে।
ভূমিকম্পৰ লগে লগে চুনামীৰ সতৰ্কবাণী জাৰি কৰা হয় যাৰ পিছত কৰ্তৃপক্ষই মানুহক উপকূলৰ পৰা আঁতৰি গৈ নিৰাপদ স্থানলৈ যাবলৈ আহ্বান জনায়।
ভূমিকম্পৰ কেন্দ্ৰৰ পৰা ৩০০ কিলোমিটাৰ দূৰত্বত থকা উপকূলীয় অঞ্চলসমূহৰ বাবে বিপজ্জনক ঢৌৰ সতৰ্কবাণী জাৰি কৰিছে আমেৰিকাৰ ছুনামী সতৰ্কবাণী ব্যৱস্থাই।