চান্দোলা হ্ৰদ অঞ্চলৰ সমীপত নিৰ্মিত বস্তিসমূহ ভাঙি পেলোৱাৰ বাবে বুলডজাৰ অভিযান অব্যাহত ৰাখিছে আহমেদাবাদ পৌৰ নিগম আৰু আৰক্ষীয়ে । কিছুদিন পূৰ্বে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশীসমূহক এই অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ।
আৰক্ষী আয়ুক্ত জি.এছ মালিকে কয়, আহমেদাবাদ পৌৰ নিগমৰ নেতৃত্বত এই অভিযান চলোৱা হৈছে । আইন-শৃংখলা বজাই ৰখাৰ বাবে যুটীয়া আৰক্ষী আয়ুক্ত শৰদ সিংঘলৰ নেতৃত্বত প্ৰায় ২০০০ আৰক্ষী জোৱান নিয়োগ কৰা হৈছে । এই অভিযান পৰিদৰ্শন কৰিবলৈ অহা মালিকে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয় যে চাণ্ডোলা হ্ৰদত ভাঙি পেলোৱাৰ অভিযান চলি থকাৰ বাবে মহানগৰীৰ সকলো থানাক সতৰ্ক কৰি দিয়া হৈছে । এইটো মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চল ।
২০১৯ বৰ্ষতো চলিছিল অভিযান-
ইফালে, শৰদ সিংঘালে কয় যে আহমেদাবাদ পৌৰ নিগমে পুৱাৰ পৰাই এই অভিযান আৰম্ভ কৰিছে, য’ত পঞ্চাশটা দল নিয়োগ কৰা হৈছে আৰু প্ৰতিটো দলৰ জে চি বি আছে । চান্দোলা হ্ৰদ অঞ্চলত শেষবাৰৰ বাবে উচ্ছেদ অভিযান ২০১৯ চনতো কৰা হৈছিল বুলিও তেওঁ কয় । শেহতীয়াকৈ আহমেদাবাদ পৌৰ নিগমে কৰা এক সমীক্ষাত প্ৰকাশ পাইছে যে চৰকাৰী মাটি পুনৰ বেদখল কৰি হ্ৰদৰ চাৰিওফালে জুপুৰি নিৰ্মাণ কৰা হৈছে । এই অঞ্চলসমূহত অবৈধ বাংলাদেশীয়ে বাস কৰি আহিছিল ।
মাষ্টাৰমাইণ্ড মাহমুদ পাঠানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি-
আৰক্ষী আয়ুক্ত মালিকে কয় যে চান্দোলা হ্ৰদৰ সমীপৰ চৰকাৰী ভূমি বেদখলৰ মাষ্টাৰমাইণ্ড মাহমুদ পাঠান ওৰফে বিলু বিহাৰীৰ বিৰুদ্ধে এফ আই আৰ ৰুজু কৰা হৈছে । তেওঁ অবৈধভাৱে প্ৰৱেশ কৰা বাংলাদেশী প্ৰব্ৰজনকাৰীক ভাড়াত ঘৰ আৰু আধাৰ কাৰ্ড বনাবলৈ সহায় কৰিছিল ।
নিয়োগ কৰা হৈছে ২০০০ আৰক্ষী-
চান্দোলা হ্ৰদৰ সমীপৰ ছিয়াসতনগৰ আৰু বাঙালী ভাছৰ দৰে অঞ্চলত অবৈধ নিৰ্মাণ কাৰ্য ভাঙি পেলোৱাত আহমেদাবাদ পৌৰ নিগমক সহায় কৰিবলৈ ২০০০ আৰক্ষী আৰু ৰাজ্যিক সংৰক্ষিত আৰক্ষীৰ ২০টা কোম্পানী নিয়োগ কৰা হৈছে । সমগ্ৰ মহানগৰীৰ আৰক্ষীক সতৰ্ক কৰি দিয়া হৈছে । কোনোবাই যদি আইন নিজৰ হাতত ল’বলৈ চেষ্টা কৰে তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব । তেওঁ কয় যে হ্ৰদৰ কাষত বসবাস কৰা সংখ্যালঘু জনগোষ্ঠীৰ লোকসকলেও অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাটো বিচাৰে । মালিকে কয় যে হ্ৰদৰ পাৰত নিৰ্মিত পাঠানৰ অবৈধ ফাৰ্ম হাউচটোও কৰ্তৃপক্ষই ভাঙি পেলায় ।