এছিয়া কাপৰ পূৰ্বে ড্ৰিম১১ৰ ডাঙৰ সিদ্ধান্ত
এছিয়া কাপ ২০২৫ৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে।ড্ৰিম১১য়ে বিচিচিআইক জনাইছে যে ভাৰতীয় ক্ৰিকেট দলক আৰু তেওঁলোকে স্পন্সৰশ্বিপ কৰিব নোৱাৰে।
শেহতীয়াকৈ সংসদে অনলাইন গেমিংৰ প্ৰচাৰ আৰু নিয়ন্ত্ৰণ বিল, ২০২৫ গৃহীত কৰিছে।এই বিধেয়কৰ অধীনত ভাৰতত ৰিয়েল মানি গেমিং নিষিদ্ধ কৰা হৈছে, যাৰ বাবে ড্ৰিম১১ৰ ব্যৱসায় বেয়াকৈ প্ৰভাৱিত হৈছে।
ড্ৰিম১১ৰ প্ৰতিনিধিসকলে মুম্বাইস্থিত বিচিচিআইৰ কাৰ্যালয়লৈ আহি এই সিদ্ধান্তৰ বিষয়ে মুখ্য কাৰ্যবাহী বিষয়া হেমাং আমিনক অৱগত কৰে।এতিয়া বিচিচিআইয়ে শীঘ্ৰে নতুন নিবিদা জাৰি কৰিব।
৯ ছেপ্টেম্বৰৰ পৰা সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ত এছিয়া কাপ ২০২৫ আৰম্ভ হোৱাৰ কথা।এতিয়া Dream11 প্ৰত্যাহাৰৰ পিছত BCCI য়ে অতি সোনকালে নতুন পৃষ্ঠপোষক বিচাৰিব লাগিব।
লগতে পঢ়ক: ‘সপোন বাস্তৱায়িত হৈছে, কোনো আক্ষেপ নাই…’; অৱসৰৰ পিছত চেতেশ্বৰ পূজাৰাৰ প্ৰতিক্ৰিয়া