ফাইনেলত পুনৰ মুখামুখি হ’ব ভাৰত-পাকিস্তান, ২১ ডিচেম্বৰত ডুবাইত হাই ভল্টেজ মেচ
২১ ডিচেম্বৰ দেওবাৰে অনুষ্ঠিত হ’ব ভাৰত-পাকিস্তানৰ হাইভল্টেজ ফাইনেল মেচ । ডুবাই আই চি চি একাডেমী খেলপথাৰত অনুষ্ঠিত হ’ব এই মেচ ।
১৯ বছৰ অনুৰ্ধ এছিয়া কাপ ২০২৫ৰ ফাইনেল (৫০ অভাৰ ফৰ্মেট) ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব । প্ৰায় তিনিমাহ পূৰ্বে ভাৰত আৰু পাকিস্তানৰ জাতীয় দলে (পুৰুষ) এছিয়া কাপত খিতাপৰ সংঘৰ্ষত মুখামুখি হৈছিল । আয়ুষ মাহাত্ৰেৰ অধিনায়কত্বত ১৯ বছৰ অনুৰ্ধ ভাৰতীয় দলে ছেমি ফাইনেলত শ্ৰীলংকাক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । ইফালে বাংলাদেশক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে পাকিস্তান দলে ।
ভাৰতীয় ক্ৰিকেট দলে ৮ বাৰকৈ অনূৰ্ধ্ব ১৯ এছিয়া কাপত জয়লাভ কৰিছে । পূৰ্বৰ সংস্কৰণতো (২০২৪) দলটোৱে ফাইনেলত প্ৰৱেশ কৰিছিল যদিও খিতাপৰ সংঘৰ্ষত বাংলাদেশৰ হাতত পৰাস্ত হৈছিল । ২০১৭ চনৰ পিছত এইখন পাকিস্তানৰ প্ৰথমখন ফাইনেল । ২০১৪ চনৰ ১৯ বছৰ অনুৰ্ধ এছিয়া কাপৰ ফাইনেলত ভাৰত আৰু পাকিস্তানে শেষবাৰৰ বাবে মুখামুখি হৈছিল, য’ত ভাৰতে ৪০ ৰানত জয়লাভ কৰিছিল ।
১৯ বছৰ অনুৰ্ধ এছিয়া কাপ ২০২৫ৰ ফাইনেল কেতিয়া ?
২১ ডিচেম্বৰ দেওবাৰে ১৯ বছৰ অনুৰ্ধ ভাৰতীয় দল আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব চূড়ান্ত খেল । এই খেলখন ডুবাইৰ আই চি চি একাডেমী খেলপথাৰত অনুষ্ঠিত হ’ব ।
২১ ডিচেম্বৰৰ পুৱা ১০:৩০ বজাৰ পৰা আৰম্ভ হ’ব ১৯ বছৰ অনুৰ্ধ এছিয়া কাপ ২০২৫ৰ ফাইনেল । পুৱা ১০ বজাত অনুষ্ঠিত হ’ব টছ ।
ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দল-
আয়ুষ মাহাত্ৰে (অধিনায়ক), ৰাহুল কুমাৰ, বৈভৱ সূৰ্য্যবংশী, বেদান্ত ত্ৰিবেদী, বিহান মালহোত্ৰা, যুৱৰাজ গোহিল, এৰন জৰ্জ, বি.কে. কিশোৰ, জগানাথন, কনিষ্ক চৌহান, খিলান পেটেল, অভিগায়ন অভিষেক (উইকেটকীপাৰ), হৰবংশ পাংগলিয়া (উইকেটকীপাৰ), আদিত্য ৰাৱাট, দীপেশ দেৱেন্দ্ৰন, হেনিল পেটেল, কিষাণ কুমাৰ সিং, নমন পুষ্পক, উদ্ধৱ মনীষ মোহন ।
১৯ বছৰ অনুৰ্ধ এছিয়া কাপ ২০২৫ৰ ফাইনেল খেলখন চ’নী স্প’ৰ্টছ নেটৱৰ্কত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব । আপুনি চনী স্পৰ্টছ ১ ত টিভিত লাইভত খেলখন চাব পাৰিব । মোবাইল আৰু লেপটপ ব্যৱহাৰকাৰীয়ে চনী লিভ এপ বা ৱেবছাইটত লাইভত খেলখন চাব পাৰিব ।
লগতে পঢ়ক : নিউজীলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, বাদ পৰিল কেইবাজনো খেলুৱৈ