পুনৰ আৱেগিক ডনাল্ড ট্ৰাম্প
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আন্তৰিক ইচ্ছা হৈছে শান্তিৰ নোবেল বঁটা লাভ কৰা।তেওঁ দাবী কৰে যে তেওঁ বিশ্বৰ বহু ফ্ৰণ্টত যুদ্ধ বন্ধ কৰি দিছে আৰু তেওঁ ইয়াৰ যোগ্য।ইয়াৰ বাবে তেওঁ বিশেষভাৱে ভাৰত আৰু পাকিস্তানৰ কথা উল্লেখ কৰিছে।
ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কয় যে ভাৰত আৰু পাকিস্তানৰ যুদ্ধ বন্ধ কৰাৰ পিছতো তেওঁ শান্তিৰ নোবেল বঁটা নাপাব।পাকিস্তানৰ সৈতে যুদ্ধবিৰতিৰ ক্ষেত্ৰত আমেৰিকাৰ মধ্যস্থতা অস্বীকাৰ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
ট্ৰাম্পে ছ’চিয়েল মিডিয়া পোষ্টত কয় যে ‘ভাৰত আৰু পাকিস্তানৰ যুদ্ধ বন্ধ কৰি দিয়াৰ পিছতো মই শান্তিৰ নোবেল বঁটা নাপাম।মই যিয়েই নকৰোঁ নোবেল নাপাম’।

এই পোষ্টটোত ট্ৰাম্পে ছবাৰকৈ শান্তি নোবেল বঁটাৰ কথা উল্লেখ কৰিছে।এই সময়ত ভাৰত-পাকিস্তান যুদ্ধ বন্ধ কৰাৰ সমান্তৰালকৈ তেওঁ ৰুৱাণ্ডা আৰু কংগোৰ মাজত হোৱা চুক্তি, ছাৰ্বিয়া আৰু ক’ছ’ভ’ৰ মাজত যুদ্ধবিৰতি, ইজিপ্ত আৰু ইথিওপিয়াৰ মাজত শান্তি পুনৰুদ্ধাৰ, মধ্যপ্ৰাচ্য, ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰু ইজৰাইল-ইৰাণ যুদ্ধৰ নামত শান্তি নোবেল বঁটাৰ কথা ক’লে।তেওঁ কৈছিল যে, এই সকলো প্ৰচেষ্টাৰ পিছতো মই শান্তিৰ নোবেল বঁটা নাপাম।
ভাৰত চৰকাৰে বহুবাৰ স্পষ্ট কৰি দিছে যে আমেৰিকা চৰকাৰৰ হস্তক্ষেপ আৰু মধ্যস্থতা অবিহনে চুবুৰীয়া দেশখনৰ অনুৰোধত পাকিস্তানৰ সৈতে যুদ্ধবিৰতিৰ ব্যৱস্থা কৰা হৈছিল।
লগতে পঢ়ক: প্ৰথমে নিজৰ দেশ চম্ভালক… ভ্লাদিমিৰ পুটিনৰ মধ্যস্থতাৰ প্ৰস্তাৱক তীক্ষ্ণ সমালোচনা ট্ৰাম্পৰ