ড’নাল্ড ট্ৰাম্পৰ নিৰাপত্তাৰ খুঁত
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ফাৰ্ষ্ট লেডীয়ে যেতিয়া সপ্তাহৰ শেষৰ ফালে নিউ জাৰ্ছিৰ বেডমিনিষ্টাৰত থকা ব্যক্তিগত গলফ খেলপথাৰত উপস্থিত আছিল, সেই সময়তে তেওঁৰ নিৰাপত্তাৰ ক্ষেত্ৰত এক ডাঙৰ বিসংগতিৰ বাবে আলোড়নৰ সৃষ্টি হয়।
৫ জুলাই শনিবাৰে এখন অসামৰিক বিমানে অস্থায়ী বিমান নিষেধাজ্ঞা উলংঘা কৰে, তাৰ পিছত উত্তৰ আমেৰিকাৰ এৰোস্পেচ ডিফেন্স কমাণ্ডে যুদ্ধ বিমানখনে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি সেই বিমানখনক বাধা দি ৰখাই দিয়ে।
জানিব পৰা মতে ড’নাল্ড ট্ৰাম্পৰ লগত এই ঘটনাটো শনিবাৰে দুপৰীয়া প্ৰায় ২.৩৯ বজাত এই ঘটনাটো সংঘটিত হয়।
NORAD যুঁজাৰু বিমানখনে “হেডবাট” কৌশল ব্যৱহাৰ কৰি পাইলটৰ দৃষ্টি আকৰ্ষণ কৰে আৰু বিমানখন নিষিদ্ধ এলেকাৰ পৰা নিৰাপদে উলিয়াই অনা হ’ল।
এটা বিবৃতিত কোৱা হৈছে যে দিনটোত এইটোৱেই আছিল পঞ্চমটো টি এফ আৰ উলংঘা।ইয়াৰ পূৰ্বে আৰু তিনিটা উলংঘা সংঘটিত হৈছিল, যিয়ে নিৰাপত্তা সংস্থাসমূহৰ উদ্বেগ আৰু অধিক বৃদ্ধি কৰিছিল।
আমেৰিকাৰ বায়ুসেনাই সকলো পাইলটক এফ এ এৰ দ্বাৰা জাৰি কৰা NOTAM (Notice to Air Missions) পঢ়িবলৈ আৰু মানি চলিবলৈ কঠোৰ নিৰ্দেশ দিছে।
বায়ুসেনাই সতৰ্কবাণীমূলক সুৰত কয়, “যদি আপুনি বেডমিনিষ্টাৰ, এনজেৰ চাৰিওফালে উৰণৰ পৰিকল্পনা কৰিছে, তেতিয়াহলে NOTAMs 1353, 1358, 2246, আৰু 2247 ত গুৰুত্ব দিয়ক। এইবোৰ নিৰাপত্তাৰ বাবে, কোনো অজুহাত নাই! সাৱধান হওক আৰু নিষিদ্ধ আকাশমাৰ্গৰ বাহিৰত থাকক।”
লগতে পঢ়ক: নতুন ৰাজনৈতিক দল গঠন ইলন মাস্কৰ;ড’নাল্ড ট্ৰাম্পক প্ৰত্যক্ষ প্ৰত্যাহ্বান