যুদ্ধ বন্ধ কৰক অন্যথা…
শনিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কম্বোডিয়া আৰু থাইলেণ্ডক যুদ্ধবিৰতি ঘোষণা নকৰিলে তেওঁলোকৰ সৈতে বাণিজ্যিক চুক্তি নকৰে বুলি সকীয়াই দিয়ে । ট্ৰাম্পে লগতে কয় যে এই সংঘাতে তেওঁক ভাৰত আৰু পাকিস্তানৰ মাজৰ সেই সংঘাতৰ কথা মনত পেলাই দিছে, যিটো তেওঁ সফলতাৰে বন্ধ কৰা বুলি দাবী কৰে ।
ট্ৰাম্পে তেওঁৰ ট্ৰুথ ছ’চিয়েলত এটা পোষ্টত কয় যে, “মই এই মাত্ৰ কম্বোডিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতিলোঁ আৰু তেওঁক থাইলেণ্ডৰ সৈতে যুদ্ধ বন্ধ কৰিবলৈ আহ্বান জনাইছো । এতিয়া মই থাইলেণ্ডৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতিম, যাতে যুদ্ধ আৰু হিংসাৰ অন্ত পৰে ।”
যদি কোনো দেশ যুদ্ধত আছে, তেন্তে আমেৰিকাই ব্যৱসায় নকৰে: ট্ৰাম্প
ট্ৰাম্পে আৰু কয়, আমি দুয়োখন দেশৰ সৈতে বাণিজ্যৰ আলোচনা কৰি আছো । কিন্তু যদি কোনো দেশ যুদ্ধত আছে, তেন্তে আমেৰিকাই তেনে দেশৰ সৈতে ব্যৱসায় নকৰে আৰু মই তেওঁলোকক এই কথা স্পষ্টকৈ কৈছো । থাইলেণ্ডৰ সৈতে আলোচনা কিছু সময়ৰ পিছত হ’ব । ইতিমধ্যে কম্বোডিয়াৰ সৈতে আলোচনা হৈছে । থাইলেণ্ডৰ লগত হোৱা কথা-বতৰাৰ পিছত আকৌ কথা পাতিব পাৰিম । এই কঠিন পৰিস্থিতিৰ সমাধানৰ বাবে চেষ্টা কৰিছো ।
দুয়োখন দেশৰ সৈতে আলোচনাৰ অন্তত শান্তি আৰু যুদ্ধবিৰতিৰ আশা-
ট্ৰাম্পে আৰু কয় যে এই যুদ্ধত বহু লোকৰ মৃত্যু হৈছে । তেওঁ কয় যে ইয়াৰ দ্বাৰা পাকিস্তান আৰু ভাৰতৰ মাজৰ সংঘাতৰ কথা মনত পৰিছে, যিটো সফলতাৰে বন্ধ হৈ গ’ল । ইয়াৰ পিছতে ট্ৰাম্পে থাইলেণ্ডৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতি কয়, ‘কম্বোডিয়াৰ দৰে তেওঁলোকেও যুদ্ধবিৰতি বিচাৰে । এই কথা-বতৰা ভাল আছিল । এতিয়া মই এই বাৰ্তাটো আকৌ কম্বোডিয়ালৈ প্ৰেৰণ কৰিম । দুয়োখন দেশৰ লগত কথা পতাৰ পাছত শান্তি আৰু যুদ্ধবিৰতিৰ আশাৰ সৃষ্টি হৈছে । ফলাফল সোনকালে দেখা যাব ।’
দুয়োপক্ষই যুদ্ধবিৰতিৰ দাবী জনাইছে : ট্ৰাম্প
আন এটা পোষ্টত ট্ৰাম্পে কয় যে দুয়োপক্ষই যুদ্ধবিৰতিৰ দাবী জনাইছে যদিও যুদ্ধ বন্ধ নোহোৱালৈকে আমেৰিকাই বাণিজ্যৰ কথা নাপাতে । তেওঁ কয়, ‘কম্বোডিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা কথা-বতৰাত থাইলেণ্ডৰ মতামতো ভাগ কৰিলোঁ । দুয়োখন দেশে এতিয়া শীঘ্ৰে সাক্ষাৎ কৰি যুদ্ধৰ অন্ত পেলাবলৈ সন্মত হৈছে । তেওঁলোকৰ সৈতে ব্যৱসায় কৰিবলৈ আমেৰিকা সন্মানিত হ’ব, কিন্তু যেতিয়া শান্তি থাকিব তেতিয়াহে ।’
লগতে পঢ়ক : ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল আমেৰিকা; সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা ১৭৯গৰাকী যাত্ৰীৰ