ইৰাণক ট্ৰাম্পৰ কঠোৰ সকিয়নী ড’নাল্ড ট্ৰাম্পৰ
ইজৰাইল-ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক কঠোৰ সকিয়নী দিছে । দেওবাৰে ট্ৰাম্পে কয় যে নিশা ইৰাণ আক্ৰমণৰ সৈতে আমেৰিকাৰ কোনো সম্পৰ্ক নাই । তেওঁ লগতে কয় যে যদি ইৰাণে আমেৰিকাক আক্ৰমণ কৰিবলৈ চেষ্টা কৰে তেন্তে আমেৰিকাৰ সশস্ত্ৰ বাহিনীয়ে সম্পূৰ্ণ শক্তিৰে আৰু এনে এক স্তৰৰ শক্তিৰে আক্ৰমণ কৰিব যিটো পূৰ্বে কেতিয়াও কোনোৱে দেখা নাই ।
ইয়াৰ কেইঘণ্টামান পূৰ্বে ইজৰাইলে দাবী কৰিছিল যে ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখ্য কাৰ্যালয় আৰু এটা পাৰমাণৱিক প্ৰকল্পত ব্যাপক আক্ৰমণ চলাইছিল তেওঁলোকে । ড’নাল্ড ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত পোষ্ট কৰি কয় যে, “আজি ৰাতি ইৰাণৰ ওপৰত হোৱা আক্ৰমণৰ সৈতে আমেৰিকাৰ কোনো সম্পৰ্ক নাই । যদি আমাক ইৰানে কোনো ধৰণে আক্ৰমণ কৰে তেন্তে আমেৰিকাই সশস্ত্ৰ বাহিনীৰ সম্পূৰ্ণ শক্তিৰে আক্ৰমণ কৰিব, যিটো আগতে কেতিয়াও কোনোৱে দেখা পোৱা নাই ।” তেওঁ লগতে কয় যে তেওঁ ইৰাণ আৰু ইজৰাইলৰ মাজত ‘সহজেই’ বুজাবুজি কৰিব পাৰে আৰু ‘এই ৰক্তাক্ত সংঘাতৰ অন্ত পেলাব পাৰে’ ।
ইৰাণৰ পাৰমাণৱিক অস্ত্ৰ প্ৰকল্পৰ সৈতে জড়িত তেহৰাণৰ লক্ষ্যত ধাৰাবাহিকভাৱে আক্ৰমণ সম্পূৰ্ণ কৰা বুলি দেওবাৰে ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে প্ৰকাশ কৰে । এক্সৰ এটা পোষ্টত কোৱা হৈছে যে এই লক্ষ্যত ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখ্য কাৰ্যালয় আৰু এছ পি এন ডি পাৰমাণৱিক প্ৰকল্প অন্তৰ্ভুক্ত আছে । আই ডি এফে কয় যে ইৰাণে নিজৰ পাৰমাণৱিক আৰ্কাইভ লুকুৱাই ৰখা এটা স্থানতো আঘাত হানে ।
দেওবাৰে ইজৰাইলৰ সৈতে উত্তেজনা বৃদ্ধি পোৱাৰ পিছত ইৰাণে আমেৰিকাৰ সৈতে এমাহতকৈ অধিক সময় ধৰি চলি থকা পাৰমাণৱিক আলোচনা বাতিল কৰে । ইজৰাইলৰ আক্ৰমণৰ পিছত আলোচনা অনুষ্ঠিত কৰাটো অনুচিত হ’ব বুলি ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে কয় ।