আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নতুন ভাবুকি
ভাৰতক পুনৰবাৰ শুল্ক আৰোপ কৰাৰ ভাবুকি দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । ভাৰত-ৰাছিয়াৰ সম্পৰ্কক লৈ ক্ষুব্ধ ট্ৰাম্পে কয় যে ভাৰত এতিয়া আৰু ভাল বাণিজ্যিক অংশীদাৰ নহয় । আগন্তুক ২৪ ঘন্টাত ভাৰতৰ ওপৰত শুল্ক বৃদ্ধি কৰা হ’ব । আমেৰিকাৰ সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ট্ৰাম্পে কয় যে ভাৰত হৈছে সৰ্বাধিক শুল্ক লোৱা দেশ । উল্লেখ্য যে আমেৰিকাই ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে, যিটো ৭ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব ।
আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতে আমাৰ সৈতে ব্যৱসায় কৰে, কিন্তু আমি তেওঁলোকৰ সৈতে ব্যৱসায় নকৰো । আমি ২৫ শতাংশ শুল্কৰ ওপৰত সহমতত উপনীত হৈছিলোঁ, কিন্তু মই ভাবো অহা ২৪ ঘণ্টাত মই ইয়াক যথেষ্ট বৃদ্ধি কৰিম, কাৰণ ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিছে । ৰাছিয়াৰ যুদ্ধ যন্ত্ৰত ইন্ধন যোগাইছে । ট্ৰাম্পে কয় যে ভাৰতৰ শুল্ক যিকোনো দেশৰ তুলনাত সৰ্বাধিক ।
ইয়াৰ পূৰ্বে সোমবাৰে ট্ৰাম্পে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত কৈছিল যে ভাৰতে কেৱল ৰাছিয়াৰ পৰা বিপুল পৰিমাণৰ তেল ক্ৰয় কৰাই নহয়, সেই তেলৰ এক বৃহৎ অংশ মুকলি বজাৰত উচ্চ মূল্যত বিক্ৰী কৰিও ব্যাপক লাভ কৰিছে । ইয়াৰ সমান্তৰালকৈ ট্ৰাম্পে কয় যে ইউক্ৰেইনত ৰাছিয়াৰ যুদ্ধযন্ত্ৰৰ দ্বাৰা কিমান লোকক হত্যা কৰা হৈছে তাৰ ওপৰত ভাৰতে চিন্তা নকৰে । সেইবাবেই মই ভাৰতৰ ওপৰত শুল্ক যথেষ্ট বৃদ্ধি কৰিবলৈ ওলাইছো ।
এপ্ৰিল মাহত ঘোষণা কৰিছিল শুল্ক-
২ এপ্ৰিলত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে আমেৰিকাৰ বাণিজ্যিক ঘাটি থকা দেশৰ পৰা আমদানিৰ ওপৰত ৫০ শতাংশ পৰ্যন্ত পাৰস্পৰিক শুল্ক আৰু আন প্ৰায় সকলো দেশৰ ওপৰত ১০ শতাংশ মৌলিক শুল্ক ঘোষণা কৰিছিল । তেওঁৰ ব্যাপক আমদানি কৰক ন্যায্যতা প্ৰদান কৰিবলৈ ১৯৭৭ চনৰ বাণিজ্য ঘাটিক ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা আইনখনৰ উদাহৰণ দিছিল । যেতিয়া পাৰস্পৰিক শুল্কক সমালোচনা কৰা হৈছিল, তেতিয়া তেওঁ দেশসমূহে আলোচনাৰ সুযোগ দিবলৈ পাৰস্পৰিক শুল্ক ৯০ দিনৰ বাবে স্থগিত ৰাখিছিল । অৱশেষত কিছুমান দেশে ট্ৰাম্পৰ দাবীৰ প্ৰতি আকৰ্ষিত হৈ আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তি কৰে ।
লগতে পঢ়ক : ভাৰতত নিৰ্মিত I Phone ত কিমান প্ৰভাৱ পেলাব ট্ৰাম্পৰ শুল্কই? টিম কুকে কৰিলে প্ৰকাশ