‘যুদ্ধবিৰতিৰ সৈতে কোনো সম্পৰ্ক নাই’
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ ছ’চিয়েল মিডিয়া পোষ্টত কয় যে কানাডাত অনুষ্ঠিত হোৱা জি-৭ শীৰ্ষ সন্মিলনৰ পৰা উভতি অহাৰ সৈতে নিশ্চিতভাৱে যুদ্ধবিৰতিৰ কোনো সম্পৰ্ক নাই । তাতকৈ বহুত ডাঙৰ । এই সন্দৰ্ভত বিশেষ স্পষ্টীকৰণ নিদিয়াকৈ তেওঁ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠক আহ্বান কৰে ।
কি ক’লে ট্ৰাম্পে ?
ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত লিখিছে, ‘প্ৰচাৰ বিচৰা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ভুলকৈ কৈছিল যে মই কানাডাত অনুষ্ঠিত হোৱা জি-৭ সন্মিলনৰ পৰা ওলাই আহি ইজৰাইল আৰু ইৰাণৰ মাজত যুদ্ধবিৰতিৰ কাম কৰিবলৈ ঘূৰি আহিছো । নহয় ! তেওঁ নাজানে যে মই এতিয়া কিয় ৱাশ্বিংটনলৈ যাম, কিন্তু ইয়াৰ নিশ্চিতভাৱে যুদ্ধবিৰতিৰ সৈতে কোনো সম্পৰ্ক নাই । ইয়াতকৈ বহুত ডাঙৰ আৰু গুৰুত্বপূৰ্ণ কাম আছে । ইমানুৱেলে সদায় ইচ্ছাকৃতভাৱে বা অনিচ্ছাকৃতভাৱে ভুল কথা কয় । চাই থাকক !’
মেক্ৰনৰ দাবী, ট্ৰাম্পৰ অস্বীকাৰ-
ইয়াৰ পূৰ্বে মেক্ৰনে কয় যে ট্ৰাম্পৰ লক্ষ্য হৈছে ইৰাণ আৰু ইজৰাইলৰ মাজত শান্তি চুক্তি অনা । জি-৭ সন্মিলনত সাংবাদিকৰ আগত তেওঁ কয় যে, “সঁচাকৈয়ে বৈঠকৰ প্ৰস্তাৱ আছে । এই প্ৰস্তাৱ বিশেষভাৱে যুদ্ধবিৰতি আনি তাৰ পিছত এক বিস্তৃত আলোচনা আৰম্ভ কৰাৰ বাবে দিয়া হৈছিল ।” দাবী কৰা হৈছিল যে ট্ৰাম্পৰ পশ্চিম এছিয়াৰ দূত ষ্টিভ উইটকফ আৰু ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিৰ মাজত পাৰমাণৱিক চুক্তি আৰু সংঘাতৰ অন্ত পেলোৱাৰ বিষয়ে আলোচনা হ’ব পাৰে ।
ইজৰাইল আৰু ইৰাণৰ মাজত বৃদ্ধি পাইছে সংঘাত-
ইজৰাইল আৰু ইৰাণৰ সংঘাত পঞ্চম দিনতো বন্ধ হোৱা নাই । দুয়োখন দেশে নিৰন্তৰ ইখনে সিখনৰ ওপৰত আক্ৰমণ চলাই আছে । হতাহতৰ সংখ্যা বৃদ্ধি পাইছে । ইজৰাইলত কমেও ২৪ জন আৰু ইৰাণত ২২৪ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । ইজৰাইলৰ আক্ৰমণত তেহৰাণৰ উপৰিও ইৰাণৰ কৌশলগত স্থান, ক্ষেপণাস্ত্ৰ সংৰক্ষণ বাংকাৰ, লঞ্চাৰ আৰু পাৰমাণৱিক সুবিধাসমূহ ক্ষতিগ্ৰস্ত হয় । ইজৰাইলে ইৰাণৰ শীৰ্ষ নিৰাপত্তা আৰু চোৰাংচোৱা বিষয়াক হত্যা কৰিছে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰাণে ইজৰাইলৰ হাইফা, টেল আভিভ আৰু জেৰুজালেমৰ ক্ষতিসাধন কৰে ।
লগতে পঢ়ক : ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বিৰুদ্ধে ৰাজপথত নামিল জনতা; বহু চহৰলৈ বিয়পিল প্ৰতিবাদ