ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ ড’নাল্ড ট্ৰাম্পৰ
বুধবাৰে আমেৰিকাই ভাৰতৰ বাবে নতুন শুল্ক হাৰ ঘোষণা কৰিছে। ভাৰতৰ পৰা আমদানি কৰা সামগ্ৰী আৰু সেৱাৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে আমেৰিকাই।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আজি ভাৰতৰ বাবে নতুন শুল্ক হাৰ ঘোষণা কৰে।ৰাছিয়াৰ সৈতে ব্যৱসায় কৰাৰ বাবে ভাৰতক সুকীয়াকৈ শাস্তি দিয়াৰ কথাও ঘোষণা কৰিছে ।
অৱশ্যে এই শাস্তি কিমান হ’ব সেই সন্দৰ্ভত এতিয়াও কোনো ঘোষণা কৰা হোৱা নাই।আমেৰিকাই ২০২৫ চনৰ ১ আগষ্টৰ পৰা সকলো দেশৰ ওপৰত নতুন শুল্ক হাৰ আৰোপ কৰিবলৈ ওলাইছে।
ড’নাল্ড ট্ৰাম্পে নিজৰ ট্ৰুথ একাউণ্টত লিখিছে, “মনত ৰাখিবা, ভাৰত আমাৰ বন্ধুটো হয়, কিন্তু যোৱা কেইবছৰমানৰ পৰা আমি ভাৰতৰ সৈতে তুলনামূলকভাৱে কম ব্যৱসায় কৰিছো কাৰণ ভাৰতৰ শুল্ক পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি”।
“আন যিকোনো দেশৰ তুলনাত ভাৰতত আটাইতকৈ কঠোৰ আৰু অপ্ৰিয় অমুদ্ৰা বাণিজ্যিক বাধা আছে। তদুপৰি ভাৰতে সদায় নিজৰ সামৰিক সঁজুলিৰ বৃহৎ অংশ ৰাছিয়াৰ পৰা ক্ৰয় কৰি আহিছে”।
“চীনৰ লগতে ভাৰত, ৰাছিয়া হৈছে সৰ্বাধিক শক্তি ক্ৰেতা, আৰু সেইটোও সেই সময়ত যেতিয়া সকলোৱে বিচাৰে ৰাছিয়াই ইউক্ৰেইনত হত্যা কৰা বন্ধ কৰক – সকলো ঠিক নহয়!
“সেই কাৰণে, ভাৰতে ১ আগষ্টৰ পৰা ৰাছিয়াৰ সৈতে ব্যৱসায়ৰ বাবে ২৫% শুল্ক আৰু জৰিমনা ভৰিব লাগিব।এই বিষয়টো মোৰ দৃষ্টিগোচৰ কৰাৰ বাবে ধন্যবাদ।”
অৱশ্যে এই সন্দৰ্ভত ভাৰতৰ পৰা এতিয়ালৈকে কোনো সঁহাৰি পোৱা নাই।প্ৰস্তাৱিত দ্বিপাক্ষিক বাণিজ্য চুক্তি সন্দৰ্ভত পৰৱৰ্তী ৰাউণ্ডৰ আলোচনাৰ বাবে অহা মাহত আমেৰিকাৰ এটা দল ভাৰত ভ্ৰমণ কৰাৰ কথা।
ভাৰতৰ পূৰ্বে আন বহু দেশৰ বাবে ট্ৰাম্পে নতুন শুল্ক হাৰ ঘোষণা কৰিছে।ইয়াৰ পূৰ্বে ট্ৰাম্পে কানাডাৰ ওপৰত ৩৫ শতাংশ, আলজেৰিয়াৰ ওপৰত ৩০ শতাংশ, ব্ৰুনাইৰ ওপৰত ২৫ শতাংশ, শ্ৰীলংকাৰ ওপৰত ৩০ শতাংশ, ইৰাকৰ ওপৰত ৩০ শতাংশ, লিবিয়াৰ ওপৰত ৩০ শতাংশ, ফিলিপাইনছৰ ওপৰত ২০ শতাংশ আৰু মলদোভাৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল।
লগতে পঢ়ক: যুদ্ধ বন্ধ কৰক অন্যথা… কম্বোডিয়া আৰু থাইলেণ্ডক সকীয়নি ট্ৰাম্পৰ