শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতক লৈ এক ডাঙৰ দাবী উত্থাপন কৰিছিল।কাটাৰত ব্যৱসায়িক নেতাসকলৰ সৈতে এক অনুষ্ঠানত ট্ৰাম্পে কয় যে ভাৰতে আমেৰিকাক শূন্য শুল্ক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ দিছে।
এতিয়া ট্ৰাম্পে ভাৰতৰ বাণিজ্যৰ ওপৰত কু-দৃষ্টি নিক্ষেপ কৰিছে।তেওঁ এপলৰ চিইঅ’ টিম কুকক ভাৰতত আইফোন নিৰ্মাণ নকৰিবলৈ কৈছে।
ভাৰতৰ বাবে এপলৰ এটা ডাঙৰ পৰিকল্পনা আছে।অহা বছৰৰ শেষৰ ফালে ভাৰতত বৃহৎ সংখ্যক আইফোন উৎপাদন কৰিব বিচাৰিছে।
ট্ৰাম্প এই সময়ত কাতাৰ ভ্ৰমণত আছে। জানিব পৰা মতে ট্ৰাম্পে এপলৰ চিইঅ টিম কুকৰ সৈতে ভাৰতৰ উৎপাদন সন্দৰ্ভত আলোচনা কৰিছে। তেওঁ কৈছে যে, ‘টিম কুকৰ লগত মোৰ এটা সৰু সমস্যা আছে’।
‘তেওঁলোকে ভাৰতত আইফোন বনাব বিচাৰে আৰু মই সেইটো নিবিচাৰো।এপলে কেৱল আমেৰিকাতহে নিজৰ ফোন বনাব লাগে। ভাৰতত কোনো বস্তু বিক্ৰী কৰাটো অতি কঠিন’ বুলিও ট্ৰাম্পে লগতে কৈছে ।