হানিয়া আমিৰ সন্দৰ্ভত মৌনতা ভংগ দিলজিৎ দোছাঞ্জৰ
অভিনেতা তথা গায়ক দিলজিৎ দোছাঞ্জ বৰ্তমান বিতৰ্কৰ বাবে বাতৰিৰ শিৰোনাণত আছে । দিলজিতৰ নতুন পাঞ্জাবী ছবি ‘চৰ্দাৰজী ৩’ শীঘ্ৰে বিদেশৰ চিনেমাগৃহত মুক্তি পাবলৈ সাজু হৈছে । শেহতীয়াকৈ এই ছবিৰ ট্ৰেইলাৰ মুক্তি পোৱাত বহু বিতৰ্কৰ সৃষ্টি হৈছে । বিতৰ্কৰ কাৰণ হৈছে ছবিখনত পাকিস্তানী অভিনেত্ৰী হানিয়া আমিৰৰ উপস্থিতি । দিলজিতৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে হানিয়া আমিৰে । এনে পৰিস্থিতিত দিলজিৎ দোছাঞ্জক লৈ ক্ষুব্ধ হৈ পৰিছে অনুৰাগী তথা জনসাধাৰণ । এই ছবিখন ভাৰতত মুক্তি পোৱা নাই । বৰঞ্চ বিদেশত মুক্তি পাব । এতিয়া অভিনেতাগৰাকীয়ে এই সিদ্ধান্তক লৈ মুখ খুলিছে ।
ছবিখনৰ মুক্তি সন্দৰ্ভত কি ক’লে দিলজিৎ দোছাঞ্জে-
কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু ভাৰতৰ কাউণ্টাৰ অপাৰেচন সিন্দুৰৰ পাছত পাকিস্তান আৰু ভাৰতৰ মাজত উত্তেজনা সৃষ্টি হয় । হানিয়া আমিৰে অপাৰেচন সিন্দুৰ আৰু ভাৰতৰ বিষয়ে বহু পোষ্ট শ্বেয়াৰ কৰিছিল, য’ত তেওঁ ভাৰতৰ বিষয়ে বেয়াকৈ কৈছিল । দিলজিতে শত্ৰু দেশৰ এগৰাকী অভিনেত্ৰীৰ সৈতে কাম কৰা আৰু প্ৰচাৰ কৰা দেখি ক্ষুব্ধ হৈ পৰিছে ভাৰতীয় জনসাধাৰণ আৰু চিনে এছ’চিয়েচন । ইফালে এক বাৰ্তালাপত দিলজিৎ দোছাঞ্জে এই সমগ্ৰ বিষয়ত নিজৰ মৌনতা ভংগ কৰিছে ।
দিলজিতে ‘চৰ্দাৰজী ৩’ ছবিখন ভাৰতত নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মুক্তি পোৱাৰ কথা প্ৰকাশস কৰে । তেওঁ কয়, ‘যেতিয়া এই ছবিখন নিৰ্মাণ কৰা হৈছিল তেতিয়া পৰিস্থিতি ঠিকেই আছিল । আমি ফেব্ৰুৱাৰী মাহত শ্বুট কৰিলোঁ আৰু তেতিয়া সকলো ঠিকেই আছিল । ইয়াৰ পিছত বহুত ডাঙৰ ডাঙৰ কথা আমাৰ হাতত নাই । গতিকে প্ৰযোজকসকলে সিদ্ধান্ত ল’লে যে ছবিখন এতিয়া ভাৰতত মুক্তি নাপায় বুলি স্পষ্ট । গতিকে বিদেশত ইয়াক মুক্তি দিয়া হওক । প্ৰযোজকৰ বহু টকা বিনিয়োগ কৰা হৈছে আৰু যেতিয়া এই ছবিখন নিৰ্মাণ কৰা হৈছিল তেতিয়া এনেকুৱা একো নাছিল । তেওঁলোকে জানে যে আপুনি এটা সম্পূৰ্ণ ভূখণ্ড আঁতৰাই পেলোৱাৰ বাবে তেওঁলোকৰ লোকচান হ’ব । আনকি ছবিখনত চহী কৰাৰ সময়তো সকলো ঠিকেই আছিল । গতিকে যদি প্ৰযোজকসকলে বিদেশত মুক্তি দিব বিচাৰে, তেন্তে মই তেওঁলোকক সমৰ্থন কৰো ।’
উল্লেখ্য যে, ‘চৰ্দাৰ জি ৩’ ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছৰে পৰা ছ’চিয়েল মিডিয়াত হুলস্থুলৰ সৃষ্টি হৈছে । এই ট্ৰেইলাৰত দিলজিৎ দোছাঞ্জ আৰু নীৰু বাজৱাৰ সৈতে দেখা গৈছিল হানিয়া আমিৰক । তেতিয়াৰ পৰাই দিলজিতৰ ছবিখন নিষিদ্ধ আৰু বৰ্জন কৰাৰ দাবী উত্থাপন হৈ আহিছে ।
FWICEৰ অধ্যক্ষ বি এন তিৱাৰীয়ে কয় যে এগৰাকী পাকিস্তানী অভিনেত্ৰীৰ সৈতে কাম কৰি দিলজিৎ দোছাঞ্জে ভাৰতীয় জনসাধাৰণৰ আৱেগক আঘাত কৰিছে, দেশক অপমান কৰিছে আৰু আমাৰ দেশৰ বীৰ জোৱানসকলৰ ত্যাগক অসন্মান কৰিছে । ইয়াৰ সমান্তৰালকৈ তেওঁ দিলজিতৰ আগন্তুক সকলো প্ৰজেক্ট – ছবি, গীত আদিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবীও উত্থাপন কৰে ।
লগতে পঢ়ক : শীঘ্ৰেই মুক্তি পাব ‘দ্য ফেমিলি মেন’ৰ নতুন ছিজন ; কৰা হ’ল ঘোষণা