সোমবাৰে অপাৰেচন সিন্দুৰক লৈ আজি তিনিও সেনাৰ ডিজি অপাৰেচনৰ প্ৰেছ ব্রিফিং অনুষ্ঠিত হয় ৷ এই সময়ছোৱাত ভাৰতীয় সেনাৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাইয়ে কয় যে আমাৰ এয়াৰ ডিফেন্স চিষ্টেম সাজু আছিল । পাকিস্তানে আমাৰ এয়াৰ ডিফেন্স গ্ৰীড ব্যৱস্থাত ভেদ কৰিব নোৱাৰিলে ।
তেওঁ কয় যে সন্ত্ৰাসবাদী ঘটনাৰ পদ্ধতিৰ পৰিৱৰ্তন হৈছে । আমাৰ সামৰিক বাহিনীৰ লগতে নিজৰ ৰক্ষা কৰিব নোৱাৰা আমাৰ নিৰীহ নাগৰিকসকলকো আক্ৰমণ কৰা হৈছিল । ২০২৪ চনত জম্মুৰ শিৱখোৰী মন্দিৰলৈ অহা তীৰ্থযাত্ৰীৰ ওপৰত হোৱা আক্ৰমণ আৰু চলিত বৰ্ষৰ এপ্ৰিল মাহত পহলগামত নিৰীহ পৰ্যটকৰ ওপৰত হোৱা আক্ৰমণ এই বিপজ্জনক ধাৰাটোৰ নিৰ্দিষ্ট উদাহৰণ । পহলগাম অহাৰ সময়লৈকে এই পাপৰ পাত্ৰ ভৰি পৰিছিল । ইয়াৰ পিছত কি হৈছিল সেই বিষয়ে আমি ইতিমধ্যে বিতংভাৱে কথা পাতিছো । আমি ষ্ট্ৰাইক কৰিলোঁ । আমি সম্পূৰ্ণৰূপে জানিছিলোঁ যে পাকিস্তানেও আক্ৰমণ কৰিব, গতিকে আমি আমাৰ বায়ু প্ৰতিৰক্ষাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলাইছিলোঁ ।
ৰাজীৱ ঘাইয়ে ক’লে যে আমি সাজু হৈ আছিলো । আমাৰ এয়াৰ ডিফেন্স চিষ্টেমো সাজু হৈ আছিল । আমাৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাটো দেৱালৰ দৰে থিয় হৈ আছিল । আমি আক্ৰমণৰ সৈতে মোকাবিলা কৰাৰ প্ৰস্তুতি চলাইছিলোঁ ।
সংবাদমেলত এয়াৰ অপাৰেচনৰ ডিজি এয়াৰ মাৰ্শ্বাল এ কে ভাৰতীয়ে কয় যে আমাৰ যুঁজখন সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে । সেইবাবেই আমি ৭ মে’ত সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানত আক্ৰমণ কৰিছিলো যদিও পাকিস্তানী সেনাই সন্ত্ৰাসবাদীক সমৰ্থন কৰাটো উপযুক্ত বুলি ভাবি এই যুদ্ধখনক নিজৰ যুদ্ধ কৰি লোৱাটো দুৰ্ভাগ্যজনক । এই পৰিস্থিতিত আমাৰ প্ৰতিশোধমূলক ব্যৱস্থাটো অত্যন্ত প্ৰয়োজনীয় আছিল, ইয়াত যিমানেই ক্ষতি নহওক কিয় । ইয়াৰ বাবে তেওঁলোক নিজেই দায়ী ।
তেওঁ কয় যে আমি সীমান্ত পাৰ নোহোৱাকৈয়ে আক্ৰমণ চলাইছিলো । আমি পাকিস্তানৰ ক্ষেপণাস্ত্ৰ ধ্বংস কৰিছিলো । আমাৰ এয়াৰ ডিফেন্স গ্ৰীডত ভেদ কৰিব নোৱাৰিলে । আমি সন্ত্ৰাসবাদীৰ ওপৰত নিখুঁত আক্ৰমণ চলাইছিলো ।