হিমাচল প্ৰদেশত প্ৰকৃতিৰ তাণ্ডৱ
হিমাচল প্ৰদেশত প্ৰকৃতিৰ ৰূদ্ৰ ৰূপ । ধাৰাসাৰ বৰষুণৰ ফলত মাণ্ডী জিলাৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । বিগত ২৪ ঘণ্টা ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত হঠাতে নদীৰ জলস্তৰ বৃদ্ধি পাইছে । নিহাৰী তহচিলৰ ব্ৰগটা গাঁৱত মুষলধাৰ বৰষুণৰ পিছত গভীৰ নিশা সংঘটিত হোৱা ভূমিস্খলনে তিনিজনৰ প্ৰাণ কাঢ়ি নিয়ে । নিহতসকলৰ ভিতৰত আছে দুগৰাকী মহিলা আৰু এটি আঠ মহীয়া শিশু ।
মূষলধাৰ বৰষুণৰ বাবে অঞ্চলটোৰ বহু ঠাইত ভূমিস্খলন আৰু পথ বন্ধ হৈ পৰাৰ খবৰ পোৱা গৈছে । প্ৰশাসনে ততাতৈয়াকৈ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে সাহায্য সামগ্ৰী আৰু অস্থায়ীভাৱে থকাৰ ব্যৱস্থা কৰিছে । বতৰ বিজ্ঞান বিভাগে জাৰি কৰা সতৰ্কবাণীক গুৰুত্বসহকাৰে লৈ ৰাইজক স্পৰ্শকাতৰ অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে ।
ধৰমপুৰত বজাৰ আৰু বাছ ষ্টেণ্ডত বাঢ়নী পানী প্ৰৱেশ কৰিছে । সম্পূৰ্ণ ডুব গৈছে ধৰমপুৰ বাছ ষ্টেণ্ড । তাত ৰখাই থোৱা বহু বাছ পানীয়ে উটুৱাই লৈ যায় । বজাৰৰ কেইবা ডজনো দোকান-পোহাৰ আৰু ষ্টল বানৰ কবলত বিধ্বস্ত হৈ পৰে । ঘৰৰ ভিতৰত আঁঠুলৈকে পানীৰে ভৰি পৰিছে আৰু সকলো সামগ্ৰী নষ্ট হৈ পৰিছে ।
বজাৰৰ বহু ঠাইত পথ ভাঙি গৈছে । ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ ফলত অঞ্চলটোত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । দুৰ্যোগ ব্যৱস্থাপনা দলক প্ৰেৰণ কৰা হৈছে যদিও বেয়া বতৰৰ বাবে সাহায্যৰ কামত অসুবিধাৰ সৃষ্টি হৈছে । প্ৰশাসনে জনোৱা মতে, এই পৰ্যন্ত আধা ডজন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে । আৰক্ষী আৰু এছ ডি আৰ এফৰ দলসমূহে অহৰহ তেওঁলোকৰ সন্ধানত ব্যস্ত হৈ আছে ।
ধৰমপুৰৰ উপৰিও হিমাচল প্ৰদেশৰ মাণ্ডীৰ আন আন অঞ্চলতো বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । বহু গ্ৰাম্য অঞ্চলৰ সংযোগ বিচ্ছিন্ন হৈ পৰিছে । সৰু সৰু দলংবোৰ জাহ গৈছে আৰু পথবোৰ ধ্বংসাৱশেষেৰে ভৰি পৰিছে । মাণ্ডি-কুল্লু ঘাইপথৰ বহু ঠাইত ভূমিস্খলন সংঘটিত হৈছে, যাৰ বাবে যাতায়ত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে । ঘণ্টাৰ পিছত ঘণ্টা ধৰি পথত আবদ্ধ হৈ থাকিবলগীয়া হৈছে যাত্ৰীসকল ।
লগতে পঢ়ক : ডাৱৰ বিস্ফোৰণত ডেৰাডুনত ভয়ংকৰ পৰিস্থিতি… ধ্বংসস্তুপত পৰিণত ঘৰ-দুৱাৰ