সত্যজিৎ ৰায়ৰ বাংলাদেশস্থিত পূৰ্বপুৰুষৰ ঘৰ সংৰক্ষণৰ আহ্বান ভাৰত চৰকাৰৰ
প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায়ৰ বাংলাদেশস্থিত পূৰ্বপুৰুষৰ ঘৰ ভাঙি পেলোৱাৰ প্ৰস্তুতিৰ মাজতে ভাৰত চৰকাৰে ইয়াক ৰক্ষা কৰাৰ উদ্যোগ লৈছে । পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছিল যে বাংলাদেশ প্ৰশাসনে ঢাকাত নিৰ্মিত এই ঘৰটো ভাঙি পেলাবলৈ সাজু হৈছে । এতিয়া কেন্দ্ৰীয় চৰকাৰে উদ্যোগ লৈ বাংলাদেশ চৰকাৰৰ সৈতে যোগাযোগ কৰি ঘৰটো মেৰামতি আৰু পুনৰ নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়াইছে ।
সত্যজিৎ ৰায়ৰ এই ঘৰটো ঢাকাৰ হৰিকিশোৰ ৰায় চৌধুৰী পথত অৱস্থিত । শতিকা পুৰণি এই ঘৰটো সত্যজিৎ ৰায়ৰ ককাদেউতাক প্ৰসিদ্ধ সাহিত্যিক উপেন্দ্ৰ কিশোৰ ৰায় চৌধুৰীৰ । এই পূৰ্বপুৰুষৰ ঘৰটো প্ৰায় এশ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল । ১৯৪৭ চনৰ বিভাজনৰ পিছত এই সম্পত্তি চৰকাৰে দখল কৰে ।
ভাৰত চৰকাৰে বাংলাদেশ চৰকাৰক কৈছে যে এই ঘৰটোৰ ঐতিহাসিক গুৰুত্ব বিবেচনা কৰি এই ঘৰটো ভাঙি পেলোৱাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাটো ভাল হ’ব । এই পুৰণি সম্পত্তিটো মেৰামতি কৰি সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰিব পাৰি । এনে কৰিলে ই ভাৰত আৰু বাংলাদেশৰ মাজত সাহিত্যৰ এক ভাগ-বতৰা প্ৰতীক হিচাপে প্ৰতিষ্ঠা হ’ব । এই কামত ভাৰত চৰকাৰে সহযোগ কৰিবলৈ ইচ্ছুক বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে ।
ইয়াৰ পূৰ্বে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মহম্মদ ইউনুছৰ বাংলাদেশ চৰকাৰক সত্যজিৎ ৰায়ৰ পূৰ্বপুৰুষৰ সম্পত্তি সংৰক্ষণৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনাইছিল । মমতাই ভাৰত চৰকাৰকো এই বিষয়ত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছিল ।
সত্যজিত ৰায়ৰ ককাদেউতাক উপেন্দ্ৰ কিশোৰ ৰায় চৌধুৰীৰ এই পূৰ্বপুৰুষৰ ঘৰটো ভাঙি নতুন পকী গঠন নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে । পূৰ্বতে ইয়াক মিমনসিং শিশু একাডেমী হিচাপে ব্যৱহাৰ কৰা হৈছিল যদিও পিছত বছৰ বছৰ ধৰি কৰ্তৃপক্ষৰ অৱহেলাৰ পিছত উক্ত ঘৰটো জৰাজীৰ্ণ অৱস্থালৈ পৰিণত হৈছে ।
লগতে পঢ়ক : ‘মই কন্যা সন্তান বিচাৰিছো..’; তৃতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে ৰিহানা