দালাই লামাক ভাৰত ৰত্ন দিবলৈ দাবী
তিব্বতৰ আধ্যাত্মিক নেতা তথা গুৰু দালাই লামাৰ বাবে ভাৰত ৰত্নৰ দাবী উত্থাপন কৰিছে এটা সাংসদ মঞ্চই।এই সৰ্বদলীয় মঞ্চত বিজেপি, বিজেডি, জেডিইউৰ দৰে দলৰ সাংসদসকলো অন্তৰ্ভুক্ত।সাংসদ সকলে কেন্দ্ৰীয় চৰকাৰক দলাই লামাক ভাৰতৰত্নৰে সন্মান জনোৱাৰ বাবে দাবী জনাইছে।
প্ৰকৃত কথাটো কি?
তিব্বতৰ বাবে সৰ্বদলীয় ভাৰতীয় সংসদীয় মঞ্চই শেহতীয়াকৈ তেওঁলোকৰ দ্বিতীয়খন বৈঠকত এই প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে সমৰ্থন কৰে আৰু চৰকাৰলৈ এখন চিঠি প্ৰেৰণ কৰিছে।
এই পত্ৰখনত লামাক সংসদৰ যৌথ অধিৱেশনত ভাষণ দিবলৈ অনুমতি প্ৰদান কৰিবলৈও অনুৰোধ কৰা হৈছে,যিটোৱে সম্ভৱতঃ চীনৰ অসন্তুষ্টিৰ সৃষ্টি কৰিব পাৰে।
এই মঞ্চখনে দালাই লামাক ভাৰত ৰত্নৰে মনোনয়ন কৰিবলৈ স্বাক্ষৰ অভিযান আৰম্ভ কৰিছে, য’ত এতিয়ালৈকে প্ৰায় ৮০ জন সাংসদৰ স্বাক্ষৰ সংগ্ৰহ কৰা হৈছে।
এই মঞ্চৰ লক্ষ্য হৈছে ১০০ জন সাংসদৰ স্বাক্ষৰ সংগ্ৰহ কৰি প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ ওচৰত এই স্মাৰক পত্ৰখন দাখিল কৰা।
ৰাজ্যসভাৰ সাংসদ সুজিত কুমাৰৰ বক্তব্য
ৰাজ্যসভাৰ সাংসদ সুজিত কুমাৰে কয় যে, ‘আমাৰ গোটে দালাই লামাৰ বাবে ভাৰত ৰত্নৰ দাবী জনাইছে।এই অভিযানত বিৰোধী দলৰ সাংসদসকলেও সমৰ্থন আগবঢ়াইছে’।
“আমি লোকসভা আৰু ৰাজ্যসভাৰ অধ্যক্ষলৈ এখন পত্ৰ লিখি দলাই লামাক যৌথ অধিৱেশনত ভাষণ দিয়াৰ সুযোগ দিবলৈ অনুৰোধ কৰিম।”
লগতে পঢ়ক: ‘পহলগাম কাণ্ড আছিল সমগ্ৰ মানৱতাৰ ওপৰত আক্ৰমণ…’;BRICS ত প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ মন্তব্য