মঙলবাৰে আই পি এলৰ এখন মেচত দিল্লী কেপিটেলছৰ মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ । আজি নিশা ৭.৩০ বজাৰ পৰা দিল্লীৰ অৰুণ জেইটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচখন । দেওবাৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ বিৰুদ্ধে পৰাজয়কে ধৰি বিগত চাৰিখন মেচত দিল্লীয়ে দুখনত পৰাজয়ৰ সন্মুখীন হৈছে আৰু লীগ পৰ্যায়ৰ অন্তিম মেচত দলটোৱে নিজৰ স্থিতি শক্তিশালী কৰিব বিচাৰিব । শীৰ্ষ ক্ৰমত অভিষেক পোৰেলে আক্ৰমণাত্মকভাৱে বেটিং কৰিছে যদিও প্ৰত্যাৱৰ্তনৰ পিছত ফাফ ডু প্লেছিছে অৰুণ জেটলী ষ্টেডিয়ামৰ লেহেমীয়া খেলপথাৰত সংগ্ৰাম কৰা দেখা গৈছে ।
প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব কে কে আৰৰ স্পীনাৰ-
চলিত ছিজনত দিল্লীৰ সফল বেটছমেন হিচাপে পৰিগণিত হোৱা কে এল ৰাহুলে দেওবাৰে স্পীনাৰৰ বিৰুদ্ধে দ্ৰুত ৰান সংগ্ৰহত ব্যৰ্থ হয় । অভিজ্ঞ স্পীন যুটি সুনীল নাৰিন আৰু বৰুণ চক্ৰৱৰ্তীৰ বিৰুদ্ধে তেওঁ ভাল প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিব । কে কে আৰত আছে মানসম্পন্ন স্পীনাৰ যিয়ে আয়োজক দলৰ বাবে কঠিন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে । পাঞ্জাব কিংছৰ বিৰুদ্ধে বৰষুণ প্ৰভাৱিত খেলখনত সংগ্ৰাম কৰা কে কে আৰৰ আত্মবিশ্বাস অলপ কম হ’ব । দিল্লীয়ে কৰুণ নায়াৰৰ পৰাও ভাল ইনিংছ আশা কৰিব যাতে মিডল অৰ্ডাৰৰ সমগ্ৰ বোজা ৰাহুলৰ ওপৰত নপৰে ।
ফিল্ডিং উন্নত কৰিব লাগিব দিল্লীয়ে-
বলিং বিভাগত দিল্লীৰ অধিনায়ক অক্ষৰ পেটেলে শেষৰখন খেলত দুটা উইকেট দখল কৰিছিল যদিও আন বলাৰসকলৰ পৰা সমৰ্থন নাপালে । আৰ চি বিৰ বিৰুদ্ধে উইকেট ল’ব নোৱাৰা ষ্টাৰ পেচাৰ মিচেল ষ্টাৰ্কে নিজৰ পূৰ্বৰ দল কে কে আৰৰ দুৰ্বলতাৰ সুযোগ লবলৈ চেষ্টা কৰিব, আনহাতে কুলদীপ যাদৱে মাজৰ অভাৰত ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন আগবঢ়াইছে । দিল্লীয়ে ফিল্ডিঙৰ উন্নতি সাধন কৰিব লাগিব । আৰ চি বিৰ বিৰুদ্ধে ক্ৰুনাল পাণ্ডিয়াৰ গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাইছিল পোৰেলে । বৰ্তমান কে কে আৰৰ মাত্ৰ ৭ পইণ্ট আৰু দলটো টেবুলৰ সপ্তম স্থানত আছে ।
জয়ৰ ওপৰত নিৰ্ভৰশীল কে কে আৰৰ আশা-
ডিফেণ্ডিং চেম্পিয়ন কে কে আৰে প্লে অফলৈ যোৱাৰ আশা জীয়াই ৰাখিবলৈ এই মেচখনত জয়লাভ কৰাটো প্ৰয়োজন কাৰণ দিল্লীয়ে প্লে অফলৈ যোৱাৰ পথ অতি কঠিন কৰি তুলিব । বিভিন্ন বিভাগত সমস্যাৰ সন্মুখীন হৈছে দলটো । কুইণ্টন ডি কক আৰু ৰহমানুল্লাহ গুৰবাজে নাৰিনৰ সৈতে ইনিংছ মুকলি কৰাৰ সুযোগ লাভ কৰিছে । ৰাহানে আৰু অংকৃশ ৰঘুবংশীৰ ওপৰত দলটোৱে ৰান সংগ্ৰহৰ বাবে বহু পৰিমাণে নিৰ্ভৰশীল । মধ্য ক্ৰমত ভেংকটেশ আয়াৰ, আন্দ্ৰে ৰাছেল, ৰিংকু সিং আৰু ৰমনদীপ সিঙে বিশেষ প্ৰভাৱ পেলাব পৰা নাই ।
দলটোৰ বলিঙো চিন্তনীয় বিষয় । কে কে আৰৰ বলাৰসকলে অপেনিং যুটী ভঙাত সমস্যাৰ সন্মুখীন হৈছে যাৰ বাবে বিপক্ষ দলে তেওঁলোকৰ বিৰুদ্ধে ডাঙৰ ডাঙৰ স্ক’ৰ কৰিছে ।