অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি নিযুক্ত
ভাৰতীয় জাতীয় কংগ্ৰেছে ভূপেন কুমাৰ বৰাৰ ঠাইত সোমবাৰে লোকসভাৰ সাংসদ গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে নিযুক্তি দিয়ে ।
সমান্তৰালকৈ কংগ্ৰেছ হাইকমাণ্ডে অসমত দলৰ সাংগঠনিক আৰু তৃণমূল পৰ্যায়ৰ সংগঠনত সহায় কৰিবলৈ তিনিজন নতুন কাৰ্যকৰী সভাপতিও নিযুক্তি দিছে । জ্যেষ্ঠ কংগ্ৰেছ নেতা জাকিৰ হুছেইন শিকদাৰ, ৰ’জলিনা তিৰ্কী, আৰু প্ৰদীপ সৰকাৰক অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে হাইকমাণ্ডে । উল্লেখ্য যে, বৰ্তমান এ আই চি চিৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ৰ’জেলিনা তিৰ্কীয়ে ।
ইফালে সদ্য প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাক কেম্পেইন বিভাগৰ দায়িত্ব দিয়া হৈছে । লগতে কংগ্ৰেছ দলে ভূপেন কুমাৰ বৰাক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ছোৱাত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি দি কৃতজ্ঞতা জ্ঞাপন কৰে । লগতে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক সমন্বয় সমিতিৰ দায়িত্ব, সাংসদ প্ৰদ্যুত বৰদলৈক ইস্তাহাৰ লমিতিৰ দায়িত্ব, সাংসদ ৰকিবুল হুছেইনক প্ৰচাৰ সমিতিৰ দায়িত্ব প্ৰদান কৰা হৈছে । উল্লেখ্য যে, আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম কংগ্ৰেছত এই সালসলনি গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হিচাবে বিবেচিত হৈছে ।
I am grateful to Congress President Shri @kharge ji , LOP Shri @RahulGandhi ji, GSO Shri @kcvenugopalmp ji and GS Shri @JitendraSAlwar ji for trusting me with this responsibility.
— Gaurav Gogoi (@GauravGogoiAsm) May 26, 2025
Former PCC President Shri @BhupenKBorah led the party from the front and made a tremendous…
এই দায়িত্ব লাভ কৰাৰ পিছতেই নৱ নিৰ্বাচিত সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে এক্সত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । এই দায়িত্ব প্ৰদানৰ বাবে তেওঁ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে, সাংসদ ৰাহুল গান্ধী, কংগ্ৰেছ নেতা কেচি বেণুগোপালক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছে । লগতে তেওঁ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি শ্ৰীযুত ভূপেন বৰাই দলটোক সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ লগতে তেওঁ আৰু বহুতো অৱদান আগবঢ়াইছিল বুলিও উল্লেখ কৰে ।
এক্সত তেওঁ লিখিছে, “মোৰ পিতৃ-মাতৃৰ পথ প্ৰদৰ্শন আৰু পৰিয়ালৰ বিশেষকৈ পত্নী আৰু সন্তানৰ সহায় অবিহনে মই এই পৰ্যায়ত নাথাকিলোহেঁতেন । অসমত কংগ্ৰেছ দলৰ ইমানবোৰ নিষ্ঠাৱান আৰু প্ৰেৰণাদায়ক জ্যেষ্ঠ নেতা কৰ্মীৰ সৈতে কাম কৰাটো এক আশীৰ্বাদ । তেওঁলোকৰ জ্ঞান, অভিজ্ঞতা আৰু দলৰ প্ৰতি থকা সমৰ্পণে মোক বহু কথা শিকাইছে । মোৰ জ্যেষ্ঠ আৰু সহকৰ্মীসকলৰ সৈতে কাম কৰিবলৈ আগ্ৰহী । আগন্তুক দিনত অসমবাসীৰ আশীৰ্বাদ বিচাৰিম । মোৰ বিশ্বাস যে আমি সকলোৱে মিলি আমাৰ ৰাজ্যৰ বাবে এক উন্নত ভৱিষ্যত সৃষ্টি কৰিব পাৰিম । জয় আই অসম ! জয় হিন্দ !”
লগতে পঢ়ক : “গৌৰৱ গগৈৰ পত্নীয়ে ১৯ বাৰ পাকিস্তানলৈ অহা যোৱা কৰিছিল…”; গৌৰৱ গগৈক লৈ পুনৰ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য