বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগম পুনৰবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে। বেংগালুৰুৰ ইষ্ট পইণ্ট কলেজত লাইভ কনচাৰ্টৰ সময়ত কণ্ঠশিল্পী গৰাকীয়ে এনেকুৱা এটা মন্তব্য যিটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।
মঞ্চত কণ্ঠদান কৰাৰ সময়ত এজন ল’ৰাই কানাড়া গান এটা গাবলৈ দাবী জনাইছিল, যাৰ বাবেই চনু নিগমৰ অতিশয় খং উঠিছিল।
ইয়াৰ পিছত তেওঁ এই ঘটনাক পেহেলগাম আক্ৰমণৰ সৈতে সংযোগ কৰিলে।এনে পৰিস্থিতিত এতিয়া বেংগালুৰু সমৰ্থক কানাড়া, কৰ্ণাটক সুৰক্ষা বেদিকে কণ্ঠশিল্পীগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
আইনী ব্যৱস্থা লোৱাৰ দাবীত সংগঠনটোৱে কয় যে চনু নিগমৰ এই বক্তব্য কেৱল উচটনিমূলক নহয়, জনগোষ্ঠীসমূহৰ মাজতো বিভাজনকাৰী।এই সন্দৰ্ভত সংগঠনটোৰ মুৰব্বী ধৰ্মৰাজে অৱলাহল্লী থানাত লিখিত অভিযোগ দিছে।
ইষ্ট পইণ্ট কলেজ অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি, বেংগালুৰুৰ ২৫ আৰু ২৬ এপ্ৰিলত দিয়া বিতৰ্কিত বক্তব্যৰ বাবেই তেওঁ চনু নিগমৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে বুলি লিখিছে ধৰ্মৰাজে।
অভিযোগত লিখা আছে যে ‘চনু নিগমৰ এই বক্তব্যই কানাড়া সমাজৰ আৱেগক আঘাত কৰিছে।কৰ্ণাটকৰ বিভিন্ন ভাষিক সম্প্ৰদায়ৰ মাজত ঘৃণাৰ সৃষ্টি হৈছে। ইয়াৰ ফলত হিংসাৰ সূচনা হ’ব পাৰে।
দৰাচলতে কৰ্ণাটকত কনচাৰ্টৰ সময়ত এজন অনুৰাগীয়ে চিঞৰি চিঞৰি কানাড়া গীত গোৱাৰ বাবে চনু নিগমক অনুৰোধ জনায়।অনুৰাগীৰ এই আচৰণত গায়কজন অতিশয় বিচলিত হৈ তেওঁ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
তেওঁ কয় যে তেওঁ সেই অনুৰাগী গৰাকীৰ বয়সতকৈ বেছি দিন কানাড়া গীত গাই আহিছে।ইয়াৰ পিছত তেওঁ খঙেৰে ক’লে যে ‘মোৰ ভাল নালাগিল যে তাত এজন ল’ৰা যাৰ ইমান বয়সেই হোৱা নাই, যিমান বছৰ ধৰি মই কানাড়া গীত গাই আহিছো।
‘মোক ভাবুকি দি কয় – কানাড়া কানাড়া।পেহেলগামত যি হ’ল, এই কাৰণেই আপুনি যি কৰি আছে, যি কৰিলে এতিয়া।চাওক মোৰ সন্মুখত কোন থিয় হৈ আছে, মই কানাড়া মানুহক ভাল পাওঁ’। ইয়াৰ পিছত তেওঁৰ বক্তব্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।