মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ বিস্ফোৰক মন্তব্য
আৰ চি বি বিজয় পেৰেডৰ সময়ত বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত পদপৃষ্ট হৈ ১১ জনৰ মৃত্যু হোৱা ঘটনাত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে।
কেইবাজনো আৰক্ষী বিষয়াৰ লগতে ক্ৰিকেট ষ্টেডিয়ামৰ ভাৰপ্ৰাপ্ত বিষয়াকো শাস্তি প্ৰদান কৰা হৈছে।
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই বিস্ফোৰক মন্তব্য কৰি কয়, “কাবন পাৰ্ক থানাৰ পুলিচ পৰিদৰ্শক ,ষ্টেচন হাউছ মাষ্টাৰ, ষ্টেচন হাউছ অফিচাৰ, এচিপি, চেণ্ট্ৰেল ডিভিজন ডিচিপি, ক্ৰিকেট ষ্টেডিয়ামৰ প্ৰভাৰী, অতিৰিক্ত আৰক্ষী আয়ুক্ত, আৰক্ষী আয়ুক্তক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হৈছে।”
তেওঁ লগতে কয়, “আমি উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ন্যায়াধীশ মাইকেল ডি’কুনহাৰ নেতৃত্বত এক সদস্যৰ আয়োগ গঠন কৰিছো।
আৰ চি বি, ইভেণ্ট মেনেজাৰ ডি এন এ, কে এছ চি এ, তেওঁলোকক প্ৰতিনিধিত্ব কৰাসকলক আমি গ্ৰেপ্তাৰ কৰাৰ সিদ্ধান্ত লৈছো।”
লগতে পঢ়ক: জল্পনা-কল্পনাৰ অন্ত ; দ্বিতীয়বাৰলৈ পিতৃ হ’বলৈ ওলাইছে আৰবাজ খান!