‘ময়েই হ’ম মুখ্যমন্ত্ৰী’; কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াৰ ডাঙৰ মন্তব্য

সিদ্ধাৰমাইয়াৰ ডাঙৰ মন্তব্য

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই ডি কে শিৱকুমাৰ আৰু তেওঁৰ সমৰ্থকসকলক এক ডাঙৰ মন্তব্য় কৰিছে।সিদ্ধাৰমাইয়াই কয় যে তেওঁৱেই ৫ বছৰ মুখ্যমন্ত্ৰী হৈ থাকিব।

সিদ্ধাৰমাইয়াক পাঁচ বছৰ মুখ্যমন্ত্ৰী হৈ থাকিব নেকি বুলি প্ৰশ্ন কৰাত উত্তৰত তেওঁ কয় যে, “হয় মই থাকিম।ইয়াত আপোনালোকে সন্দেহ কৰিছে কিয়?”

ভাৰতীয় জনতা পাৰ্টি আৰু জেডিএছে কংগ্ৰেছৰ ভিতৰত আভ্যন্তৰীণ মতানৈক্য আছে বুলি দাবী কৰা সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে এই বক্তব্য প্ৰকাশ কৰিছে।

ৰাজনৈতিক মহলত বিশেষকৈ শাসকীয় কংগ্ৰেছত সিদ্ধাৰমাইয়া আৰু উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ মাজত ক্ষমতা ভাগ-বতৰা চুক্তিৰ উদ্ধৃতি দি চলিত বৰ্ষৰ শেষৰ ফালে মুখ্যমন্ত্ৰী সলনি হ’ব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

শিৱকুমাৰে অৱশ্যে মঙলবাৰে কয় যে ৰাজ্যত নেতৃত্ব সলনিৰ কোনো আলোচনা হোৱা নাই আৰু ৰাজ্যত মুখ্যমন্ত্ৰীগৰাকী আৰু দলৰ চৰকাৰৰ হাত মজবুত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

মুখ্যমন্ত্ৰী পৰিৱৰ্তন সন্দৰ্ভত কি ক’লে?

মুখ্যমন্ত্ৰীক সলনি কৰাৰ সন্দৰ্ভত বিজেপি আৰু জনতা দল-ধৰ্মনিৰপেক্ষ নেতাসকলে কৰা দাবী সন্দৰ্ভত তেওঁ কয়, “তেওঁলোক আমাৰ হাই কমাণ্ড নেকি?”

“আৰ অশোকা আৰু বি ৱাই বিজয়েন্দ্ৰ বিজেপি নেতা।চলবাদী নাৰায়ণস্বামীও বিজেপি নেতা। তেওঁ যদি তেনেকুৱা কথা কয় তেন্তে লিখিবনে?  আপুনি নিশ্চিত কৰিব লাগে নে নাই?”

দলত কোনো অসন্তুষ্টি নাই-শিৱকুমাৰ

ইয়াৰ পূৰ্বে শিৱকুমাৰে বেংগালুৰুত কয় যে শাসকীয় কংগ্ৰেছৰ ভিতৰত কোনো মতানৈক্য নাই আৰু যেতিয়া সিদ্দাৰমাইয়া ৰাজ্যৰ মুখ্যমন্ত্রী হয়, তেতিয়া নেতৃত্বৰ বিষয়ত কোনো বিবাদৰ প্রয়োজন নাই৷

২০২৩ চনৰ মে’ মাহত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে মুখ্যমন্ত্ৰী পদৰ বাবে তেওঁলোক দুয়োৰে মাজত কঠোৰ যুঁজ হৈছিল আৰু শিৱকুমাৰক বুজাবলৈ কংগ্ৰেছে সফল হৈছিল। ইয়াৰ পিছত তেওঁক উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়।

লগতে পঢ়ক: বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নতুন বিপদ; আদালতে বিহিলে ছমাহৰ কাৰাদণ্ড

‘বেংগালুৰু  ঘটনাৰ বাবে দায়ীসকলক গ্ৰেপ্তাৰ কৰা হ’ব’; মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ বিস্ফোৰক মন্তব্য

মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ বিস্ফোৰক মন্তব্য

আৰ চি বি বিজয় পেৰেডৰ সময়ত বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত পদপৃষ্ট   হৈ ১১ জনৰ মৃত্যু হোৱা ঘটনাত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে।

কেইবাজনো আৰক্ষী বিষয়াৰ লগতে ক্ৰিকেট ষ্টেডিয়ামৰ ভাৰপ্ৰাপ্ত বিষয়াকো শাস্তি প্ৰদান কৰা হৈছে।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই বিস্ফোৰক মন্তব্য কৰি কয়, “কাবন পাৰ্ক থানাৰ পুলিচ পৰিদৰ্শক ,ষ্টেচন হাউছ মাষ্টাৰ, ষ্টেচন হাউছ অফিচাৰ, এচিপি, চেণ্ট্ৰেল ডিভিজন ডিচিপি, ক্ৰিকেট ষ্টেডিয়ামৰ প্ৰভাৰী, অতিৰিক্ত আৰক্ষী আয়ুক্ত, আৰক্ষী আয়ুক্তক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হৈছে।”

তেওঁ লগতে কয়, “আমি উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ন্যায়াধীশ মাইকেল ডি’কুনহাৰ নেতৃত্বত এক সদস্যৰ আয়োগ গঠন কৰিছো।

আৰ চি বি, ইভেণ্ট মেনেজাৰ ডি এন এ, কে এছ চি এ, তেওঁলোকক প্ৰতিনিধিত্ব কৰাসকলক আমি গ্ৰেপ্তাৰ কৰাৰ সিদ্ধান্ত লৈছো।”

লগতে পঢ়ক: জল্পনা-কল্পনাৰ অন্ত ; দ্বিতীয়বাৰলৈ পিতৃ হ’বলৈ ওলাইছে আৰবাজ খান!