উৰিয়ামঘাটত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা
উচ্ছেদৰ পিছতে শুকুৰবাৰে উৰিয়ামঘাটত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। তাত উপস্থিত হৈয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও ডাঙৰ ঘোষমা কৰিছে।
মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, উৰিয়ামঘাটৰ হাজাৰ হাজাৰ বনভূমি কম সংখ্যক লোকে দখল কৰি আছে। বেদখলকাৰীয়ে মাটি দখল কৰি অৰ্থনৈতিক ভেটি সৱল হোৱাৰ চেষ্টা কৰিছে।
একো একোটা পৰিয়ালে ২০০-৩০০ বিঘা মাটি বেদখল কৰি আছে। অৱশ্যে ইতিমধ্যে ৭০ শতাংশ মানুহে উৰিযামঘাট এৰিছে। বাকী বেদখলকাৰী সকলো ২-৩ দিনৰ ভিতৰত আঁতৰি যাব।
মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, ইয়াৰ পিছত জিলা প্ৰশাসন, বন বিভাগে ব্যৱস্থা কৰিব। বেদখলমুক্ত ভূমিত বহু মূল্যবান গছ ৰূপন কৰা হ’ব। নীতি-নিয়মৰ ভিতৰত থাকি উৰিয়ামঘাটত কৰা হ’ব বহু নতুন কাম।
মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, এয়া মাত্ৰ আৰম্ভণি হে । এই উচ্ছেদ চলি গৈ থাকিব। ই কেতিয়াও থমকি নৰয়। সৰুপথাৰৰ পিছত গোলাঘাটতো চলিব উচ্ছেদ। উচ্ছেদ চলাবলৈ ইতিমধ্যে চৰকাৰে তালিকা সাজু কৰিছে।
আইন, আদালতৰ নিয়ম মানি ৰাজ্যৰ আন প্ৰান্ততো চলোৱা হ’ব উচ্ছেদ।কেৱল গোৱালপাৰা বা সৰুপথাৰতেই নহয় সমগ্ৰ অসমত চৰকাৰে উচ্ছেদ চলাব।
লগতে পঢ়ক: ‘এক বিন্দু তেজ থকালৈকে আমি যুঁজিম’; উচ্ছেদক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য