মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য
উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে এটা ডাঙৰ মন্তব্য কৰিছে। যোৱা ৪ বছৰত বেদখলমুক্ত হোৱা মাটিৰ হিচাপ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ২০২১-২৫ৰ ভিতৰত বেদখলমুক্ত হ’ল হেক্টৰ হেক্টৰ ভূমি। তাৰে গোৱালপাৰাত ৮,২৮০ বিঘা, বৰপেটাত ১,৫২৬ বিঘা, দৰঙত ১৭,৯০৫ বিঘা, হোজাইত ১০,৭৪৯ বিঘা, শোণিতপুৰ ৩৪, ৫২৭ বিঘা, লখিমপুৰত ১৩,৪৮১ বিঘা মাটি বেদখলমুক্ত কৰা হৈছে।
অৰ্থাৎ সৰ্বমুঠ ১ লাখ ১৯ হাজাৰ ৫৪৮ বিঘা মাটি দখলকাৰীৰ পৰা মুক্ত কৰা হৈছে। এই মাটি সমূহ বেদখলমুক্ত কৰাৰ পিছত এতিয়া তাত বন্য জীৱ-জন্তুবোৰে মুকলিকৈ ঘূৰি ফুৰিছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
এতিয়া লৈকে ৮৪ হাজাৰ ৭৪৩বিঘা বনাঞ্চলৰ ভূমি আৰু ৪,৪৪৯ বিঘা সত্ৰৰ ভূমি বেদখলমুক্ত কৰা হৈছে। কিন্তু এতিয়াও বহু বনাঞ্চলসহ মাটি বেদখলৰ কবলত আছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।
তেওঁ লগতে কয়, তেওঁলোকে লেণ্ড জেহাদ নহয়, অসমক ধ্বংস কৰাৰ জেহাদ কৰিছে। এনেদৰে থাকিলে আৰু ২০ বছৰত অসম শেষ হৈ যাব।
এই উচ্ছেদিত সকলৰ ভোটাৰ তালিকাৰ পৰাও নাম কৰ্তন কৰা হ’ব। তাৰ বাবে জিলা আয়ুক্তই পদক্ষেপ গ্ৰহণ কৰিছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
লগতে পঢ়ক: ব্যক্তিগত নাৰ্ছিংহোমে টকাৰ বাবে ৰাখি থব নোৱাৰিব মৃতদেহ; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা