নকল জুবিন অনুৰাগীৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী
নকল জুবিন অনুৰাগীক সকীয়ালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । জুবিন অনুৰাগীৰ নাম লৈ বাটে-পথে উদ্ভণ্ডালি কৰা লোকক কঠোৰ সকীয়নি মুখ্যমন্ত্ৰীৰ । একাংশ জুবিন অনুৰাগীয়ে বিভিন্ন স্থানত সাধাৰণ লোকক হাৰাশাস্তি কৰাৰ লগতে দোকান-পোহাৰ খোলাত বাধা প্ৰদান কৰি উদ্ভণ্ডালি কৰি পৰিলক্ষিত হৈছে । আজি বিয়লি সম্বোধন কৰা সংবাদমেলত সেইসকল লোকক সকীয়নি প্ৰদান ৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ।
নকল জুবিন অনুৰাগীক উদ্দেশ্যি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, কাইলৈ দুই বজাৰ পিছত কোনো ব্যক্তিয়ে দোকান-পোহাৰ বন্ধ কৰিবলৈ চেষ্টা কৰিলে চৰকাৰ অত্যন্ত কঠোৰ হ’ব । জুবিনক বিদায় দিয়াৰ পিছত কোনো লোকে যদি দোকান-পোহাৰ বন্ধ কৰি ৰাখিব চেষ্টা কৰে তেনে ব্যক্তিৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৱ । আজি নিশাও যদি কোনোবাই জুবিনক অসন্মান কৰি উদ্ভণ্ডালি কৰে তেনে ব্যক্তিক ৰাতিয়েই গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
কোনো লোকক আইন হাতত তুলি লবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কাইলৈ দিনৰ দুই বজাৰ পিছত ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ খোলা ৰাখিবলৈ আহ্বান জনাই । সকলো ব্যৱসায়িক তেওঁলোকৰ লগত অসম চৰকাৰ আছে বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, যোৱা কেইটামান দিনত জুবিনক সম্পূৰ্ণ অসন্মান জনাই যিসকলে অত্যাচাৰ আদি কৰাৰ চেষ্টা কৰিছিল তেওঁলোকৰ ভিডিঅ’গ্ৰাফী কৰা হৈছে । লাহে লাহে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ কামো আৰক্ষীয়ে আৰম্ভ কৰিব । কাৰণ জুবিন জনতাৰ শিল্পী আছিল, জুবিন উচ্ছৃংশল লোকৰ প্ৰতিনিধি নাছিল ।
লগতে পঢ়ক : জুবিন গাৰ্গৰ সৈতে সংঘটিত ঘটনাৰ নতুন মোৰ… এজাহাৰত অন্তৰ্ভূক্ত দুটাকৈ নতুন নাম