চীনৰ নাগৰিক
বৰ্তমান বাংলাদেশত ৰাজনৈতিক অস্থিৰতা।অন্তৱৰ্তীকালীন চৰকাৰী মুৰব্বী মহম্মদ ইউনুছে পদত্যাগ কৰাৰ ভাবুকি দিয়াৰ পিছতে বাংলাদেশৰ ৰাজনৈতিক পৰিঘটনা দ্ৰুতগতিত সলনি হৈছে।
ইফালে বাংলাদেশত থকা চীনৰ দূতাবাসে নাগৰিকসকলৰ বাবে এক পৰামৰ্শ জাৰি কৰিছে। চীনৰ দূতাবাসে নিজৰ নাগৰিকৰ সুৰক্ষাৰ বাবে সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ জাৰি কৰিছে।
বাংলাদেশত থকা চীনৰ দূতাবাসে চীনৰ নাগৰিকক বিদেশীক বিয়া কৰাবলৈ প্ৰাসংগিক আইন কঠোৰভাৱে পালন কৰিবলৈ নিৰ্দেশ দিছে।
তেওঁ লোকে কৈছে যে, বাংলাদেশী পুৰুষ বা মহিলাক বিয়া কৰাবলৈ অবৈধ মেচমেকিং এজেণ্টৰ পৰা সাৱধান হওক আৰু ভিডিঅ’ প্লেটফৰ্মত সীমা অতিক্ৰম কৰি ডেটিং কন্টেন্টৰ সৈতে বিভ্ৰান্ত নহ’ব।
দূতাবাসে চীনৰ নাগৰিকসকলক বিদেশী পত্নী ক্ৰয় নকৰিবলৈ সকীয়াই দিয়ে আৰু চীনৰ নাগৰিকে বাংলাদেশত বিয়া কৰাৰ আগতে দুবাৰ চিন্তা কৰিব লাগে।
উল্লেখ্য যে বাংলাদেশত বৰ্তমান ৰাজনৈতিক অস্থিৰতাৰ পৰিৱেশে বিৰাজ কৰিছে। চৰকাৰ আৰু সামৰিক বাহিনীৰ সৈতে মহম্মদ ইউনুছৰ মাজত তৰ্কযুদ্ধ চলি আছে।
বাংলাদেশৰ ম্যানমাৰ সীমান্তত মানৱীয় কৰিডৰ নিৰ্মাণৰ পৰিকল্পনাক লৈ মুখামুখি হৈছে সেনা আৰু চৰকাৰ।ইউনুছ নেতৃত্বাধীন চৰকাৰে গোপনে বাংলাদেশ-ম্যানমাৰ সীমান্তৰ সিপাৰে মানৱীয় কৰিডৰ নিৰ্মাণৰ বাবে আমেৰিকাৰ সৈতে চুক্তিবদ্ধ হৈছিল,কিন্তু বাংলাদেশৰ সেনা প্ৰধানগৰাকীয়ে এই বিষয়ত অসন্তুষ্টি প্ৰকাশ কৰিছিল।
বাংলাদেশত অবিৰতভাৱে প্ৰতিবাদ চলি আছে। ছাত্ৰ সংগঠনৰ পৰা আৰম্ভ কৰি বিৰোধী দললৈকে চৌদিশে ঘেৰি আছে মহম্মদ ইউনুছ।
লগতে পঢ়ক: মহম্মদ ইউনুছে কেতিয়া এৰিব আসন? নিজেই ঘোষণা কৰিলে তাৰিখ